Text copied!
Bibles in Assamese

পাঁচনি 21:20-31 in Assamese

Help us?

পাঁচনি 21:20-31 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 এই কাৰ্যবোৰ শুনি তেওঁলোকে ঈশ্বৰৰ প্ৰশংসা কৰিলে আৰু তেওঁক কলে, “হে ভাই, তুমি জানা যে, ইহুদী লোকৰ মাজত বিশ্বাস কৰা সকলৰ যি লোক আছে আৰু তেওঁলোক সকলোৱে বিধানত উৎসাহী।
21 কিন্তু তোমাৰ বিষয়ে তেওঁলোকে এই সম্বাদ পালে; তুমি বোলে, অনা-ইহুদী সকলৰ মাজত থকা ইহুদী লোকক মোচিক ত্যাগ কৰিবলৈ শিকাইছা আৰু কৈছা বোলে, তেওঁলোকে লৰাৰ চুন্নৎ কৰিব নালাগে আৰু ৰীতি মতে আচৰণ কৰিব নালাগে।
22 এতেকে কি হব? তুমি আহিলা বুলিও তেওঁলোকে অৱশ্যে শুনিছে।
23 এতেকে আমি তোমাক এটা কথা কওঁ, তুমি তাকে কৰা; সঙ্কল্প কৰা আমাৰ চাৰি জন মানুহ আছে;
24 তেওঁলোকৰ লগত একেলগে নিজকে শুচি কৰা আৰু তেওঁলোকৰ মূৰ খূৰাবলৈ তুমি খৰচ দিয়া। এই বিষয়ে যি সম্বাদ পালে, সেয়ে যে একো নহয়, আৰু তুমি যে নিজে বিধান পালন কৰি নিয়মিতৰূপে আচৰণ কৰি চলিছা, সেই বিষয়ে সকলোৱে জানিব।
25 কিন্তু অনা-ইহুদী সকলৰ মাজত বিশ্বাস কৰা সকলৰ বিষয়ে হলে, তেওঁলোকে মূৰ্তিক দিয়া প্ৰসাদ, টেটু-চেপা দি মৰা জন্তুৰ মাংস আৰু তেজ খোৱা আৰু ব্যভিচাৰৰ পৰা নিজকে ৰাখিবলৈ আমি নিশ্চয় কৰি নিৰ্দেশনা লিখি পঠালোঁ।”
26 তেতিয়া পৌলে সেই মানুহকেইজনক লৈ পাছদিনা মন্দিৰত সোমাল আৰু তেওঁলোকৰ প্ৰতিজনৰ কাৰণে নৈৱেদ্য উ‌‌ৎসৰ্গ হোৱালৈকে, শুচি কৰা কার্যত কিমান দিন লাগিব, সেই বিষয়ে জনালে।
27 কিন্তু সেই সাত দিন প্ৰায় শেষ হলত, এচিয়া দেশৰ ইহুদী সকলে তেওঁক মন্দিৰত দেখি, গোটেই লোক সকলক উচতাই, তেওঁক ধৰি ৰিঙিয়াই কলে,
28 “হে ইস্ৰায়েলৰ সন্তান সকল, সহায় কৰা; যি মানুহে আমাৰ জাতিৰ বিধানৰ আৰু এই ঠাইৰ বিৰুদ্ধে আটাই ঠাইতে সকলো লোকক শিক্ষা দিব লাগিছে, এই জনেই তেওঁ। ইয়াৰ বাহিৰেও গ্ৰীক মানুহকো মন্দিৰৰ ভিতৰলৈ আনি, এই পবিত্ৰ ঠাই অপবিত্ৰ কৰিলে।”
29 কিয়নো তেওঁলোকে আগেয়ে ত্ৰফিম নামেৰে ইফিচীয়া এজনক নগৰৰ মাজত পৌলৰ লগত দেখিছিল; আৰু তেওঁ তাক মন্দিৰৰ ভিতৰলৈ আনিছিল বুলি তেওঁলোকে ভাবিছিল।
30 তাতে গোটেই নগৰ অস্থিৰ হোৱাত, মানুহবোৰ লৰি আহি পৌলক ধৰি মন্দিৰৰ পৰা বাহিৰলৈ টানি লৈ গল আৰু তেতিয়াই দুৱাৰবোৰ বন্ধ কৰা হল।
31 এইদৰেই তেওঁলোকে তেওঁক বধ কৰিবলৈ যত্ন কৰোঁতেই, যিৰূচালেমৰ গোটেইখনত হুলস্থুল লগাৰ কথা সৈন্য দলৰ হাজাৰৰ সেনাপতিয়ে শুনিলে,
পাঁচনি 21 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019