Text copied!
Bibles in Assamese

পাঁচনি 20:6-19 in Assamese

Help us?

পাঁচনি 20:6-19 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

6 পাছত খমিৰ নোহোৱা পিঠাৰ দিন পাৰ হৈ যোৱাত, আমি ফিলিপীৰ পৰা জাহাজেৰে যাত্রা কৰি গৈ, পাঁচ দিনত ত্রোৱাত তেওঁলোকক লগ পালোঁ; তাত সাত দিন থাকিলোঁ ৷
7 আমি যেতিয়া সপ্তাহৰ প্ৰথম দিনটোত পিঠা ভাঙিবলৈ একগোট হলোঁ; পৌলে বিশ্বাসী সকলক উপদেশ দি আছিল, পাছদিনা তেওঁ যাবলৈ সিদ্ধান্ত লোৱাত, মাজৰাতিলৈকে বক্তৃতা দি আছিল।
8 তেতিয়া আমি গোট খোৱা সেই ওপৰৰ কোঠালিত বহু চাকি জ্বলি আছিল।
9 তাতে খিড়িকীত বহি উতুখ নামেৰে এজন ডেকা ঘোৰ টোপনিত মগ্ন হোৱাত, তৃতীয় মহলাৰ পৰা তললৈ পৰিল; পাছত তেওঁক মৃত অৱস্থাত পালে।
10 তেতিয়া পৌলে নামি গৈ তাৰ গাত পৰি আকোঁৱালি ধৰি কলে, “আপোনালোকে কন্দা-কটা নকৰিব; কিয়নো এওঁৰ শৰীৰত প্ৰাণ আছে।”
11 ইয়াৰ পাছত তেওঁ ওপৰলৈ গৈ পিঠা ভাঙি খালে আৰু বহু সময়লৈকে, অৰ্থাৎ ৰাতিপুৱালৈকে কথোপকথন কৰি কৰি, তেওঁলোকৰ ওচৰৰ পৰা এইদৰে গলগৈ।
12 পাছত তেওঁলোকে সেই ল’ৰাক জীয়াই উঠা দেখি, অতি সান্ত্বনা পালে।
13 পাছত আমি আগবাঢ়ি গৈ পৌলক আঃচ নগৰত তুলি লোৱাৰ মনোভাবেৰে জাহাজত উঠি তালৈ যাত্ৰা কৰিলোঁ; কিয়নো পৌলে খোজকাঢ়ি যাবলৈ বিচৰাত আমি সেইদৰে থিৰাং কৰিলোঁ।
14 আঃচ নগৰত তেওঁ আমাক লগ ধৰিলে, ইয়াৰ পাছত আমি তেওঁক লগত লৈ মিতুলীনী দ্বীপলৈ যাত্ৰা কৰিলোঁ।
15 ইয়াৰ পৰা জাহাজেৰে যাত্ৰা কৰি পাছদিনা, খীয় দ্বীপৰ সন্মুখ পালোঁ আৰু দ্বিতীয় দিনা চামঃ দ্বীপত লগাই, আমি পাছদিনা মিলীত নগৰ পালোঁ।
16 কাৰণ পৌলে আগতেই সিদ্ধান্ত কৰিছিল যে, ইফিচত তেওঁ নাথাকিব; এচিয়াতো সময় অতিবাহিত নকৰিব৷ কিয়নো পঞ্চাশ-দিনীয়া পৰ্বৰ সময়ত যিৰূচালেমত উপস্থিত থাকিবলৈ তেওঁৰ ইচ্ছা।
17 পাছত তেওঁ মিলীতৰ পৰা ইফিচলৈ মানুহ পঠাই, মণ্ডলীৰ পৰিচাৰক সকলক মতাই আনিলে।
18 তেওঁলোক তেওঁৰ ওচৰলৈ অহাত, তেওঁ কবলৈ ধৰিলে “মই এচিয়ালৈ অহাৰ প্ৰথম দিনাৰে পৰা আপোনালোকৰ লগত সকলো সময়ত থাকি, সম্পূৰ্ণ নম্ৰতা আৰু চকুলোৰে,
19 আৰু ইহুদী সকলৰ চক্ৰান্তৰ দ্বাৰাই মোলৈ ঘটা পৰীক্ষাতো কেনেকৈ প্ৰভুৰ সেৱাকৰ্ম কৰিলোঁ
পাঁচনি 20 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019