Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - পাঁচনি - পাঁচনি 1

পাঁচনি 1:11-15

Help us?
Click on verse(s) to share them!
11“হে গালীল দেশৰ গালীলীয়া সকল, তোমালোকে কিয় আকাশলৈ ৰ’ লাগি চাই ৰৈছা? এই জন যীচুক তোমালোকৰ কাষৰ পৰা স্বৰ্গলৈ নিয়া হল। তোমালোকে তেওঁক যেনেকৈ স্বৰ্গলৈ যোৱা দেখিলা, সেইৰূপে তেওঁ আকৌ আহিব।”
12তাৰ পাছত পাঁচনি সকল জৈতুন নামৰ পাহাৰৰ পৰা যিৰূচালেমলৈ উভতি আহিল৷ এই পাহাৰ যিৰূচালেমৰ পৰা বিশ্ৰামবাৰে যোৱা বাটৰ সমান দূৰৈত অৱস্থিত
13যেতিয়া তেওঁলোকে যিৰূচালেম নগৰ গৈ পালে, তাত তেওঁলোকে পিতৰ, যোহন, যাকোব, আন্দ্রিয়, ফিলিপ, থোমা, বাৰ্থলময়, মথি, আলফয়ৰ পুতেক যাকোব, উদ্যোগী চিমোন আৰু যাকোবৰ পুতেক যিহুদা থকা ঘৰৰ ওপৰৰ কোঠালিলৈ গ’ল।
14তাতে তেওঁলোকে কেইগৰাকীমান মহিলা, যীচুৰ মাক মৰিয়ম আৰু তেওঁৰ ভায়েক সকলৰ সৈতে সকলোৱে এক মনেৰে প্ৰাৰ্থনাত লাগি থাকিল।
15সেই সময়ছোৱাত প্রায় এশ বিশ জন লোক গোট খাই আছিল, তাতে পিতৰে উঠি ক’লে,

Read পাঁচনি 1পাঁচনি 1
Compare পাঁচনি 1:11-15পাঁচনি 1:11-15