5চীল আৰু তীমথিয় মাকিদনিয়া দেশৰ পৰা অহাৰ পাছত পৌলে আত্মাৰ দ্বাৰা অনুপ্রাণিত হৈ ঘোষণা কৰিলে আৰু ইহুদী সকলৰ আগত যীচুৱেই যে খ্রীষ্ট হয়, সেই সাক্ষ্য দিলে
6যেতিয়া ইহুদী সকলে পৌলৰ বিৰুদ্ধাচৰণ কৰি তেওঁক অপমান কৰিবলৈ ধৰিলে, তেতিয়া পৌলে তেওঁলোকৰ ফালে নিজৰ কাপোৰ জোকাৰি ক’লে, “আপোনালোকৰ তেজৰ দায় আপোনালোকৰ মূৰৰ ওপৰতে থাকক; মই নিৰ্দোষী। এতিয়াৰ পৰা মই অনা-ইহুদী সকলৰ ওচৰলৈ যাওঁ।”
7পাছত, তেওঁ তাৰ পৰা গৈ ঈশ্বৰৰ উপাসনা কৰা তীত-যুষ্ট নামেৰে এজনৰ ঘৰত উপস্থিত হ’ল৷ তেওঁৰ ঘৰ নাম-ঘৰৰ কাষতে আছিল।