Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - পাঁচনি - পাঁচনি 18

পাঁচনি 18:21-28

Help us?
Click on verse(s) to share them!
21“ঈশ্বৰৰ ইচ্ছা হলে আপোনালোকৰ ওচৰলৈ আকৌ আহিম৷” এই বুলি কৈ, সাগৰীয় পথেদি ইফিচলৈ যাবৰ বাবে জাহাজেৰে যাত্ৰা কৰিলে।
22পাছত চীজাৰিয়াত নামি, যিৰূচালেমলৈ গৈ মণ্ডলীক আন্তৰিক অভিনন্দন জনাই, তাৰ পৰা আন্তিয়খিয়ালৈ আহিল।
23তেওঁ কিছুদিন তাতে থাকি, তাৰ পৰা গালাতীয়া আৰু ফিৰুগিয়া দেশেদি ফুৰি ফুৰি সকলো শিষ্যক উৎসাহিত কৰিলে।
24সেই সময়ত আপল্লো নামেৰে এজন ইহুদী মানুহ ইফিচলৈ আহিছিল৷ তেওঁ আলেকজেন্দ্ৰিয়া নিবাসী, এজন সুবক্তা আৰু ধৰ্মশাস্ত্ৰৰ বিষয়বোৰত নিপূণ আছিল।
25তেওঁ যোহনৰ বাপ্তিস্মৰ বিষয়ে শিক্ষা পাইছিল আৰু আত্মাত উৎসাহিত হৈ ঈশ্বৰৰ বাক্য বিশদৰূপে ঘোষণা কৰিছিল; কিন্তু তেওঁ যোহনৰ বাপ্তিস্মৰ বিষয়েহে জানিছিল।
26পাছত তেওঁ নাম-ঘৰত সাহসেৰে প্ৰচাৰ কৰিবলৈ ধৰিলে; তেতিয়া প্ৰিষ্কিলা আৰু আক্কিলাই তেওঁৰ এই কথা শুনাত, তেওঁক তেওঁলোকৰ ওচৰলৈ লৈ আহিল আৰু ঈশ্বৰৰ পথৰ বিষয়ে বিশদভাবে বুজাই দিলে।
27যেতিয়া তেওঁ আখায়া দেশলৈ যাব বিছাৰিলে; ভাই সকলে উৎসাহ দি তেওঁক আদৰি লবলৈ শিষ্য সকললৈ পত্ৰ লিখি প্ৰেৰণ কৰিলে; তাতে তেওঁ সেই ঠাই পোৱাত অনুগ্ৰহৰ দ্বাৰাই বিশ্বাস কৰা সকলক মহৎ উপকাৰ সাধন কৰিলে।
28কিয়নো যীচু যে খ্ৰীষ্ট হয়, তেওঁ শাস্ত্ৰৰ দ্বাৰাই এই বিষয়ে প্ৰমাণ কৰি দেখুৱালে, তাতে তেওঁ সবর্বসাধাৰণৰ আগত ইহুদী সকলৰ আপত্তি খণ্ডন কৰিলে।

Read পাঁচনি 18পাঁচনি 18
Compare পাঁচনি 18:21-28পাঁচনি 18:21-28