Text copied!
Bibles in Assamese

পাঁচনি 17:29-33 in Assamese

Help us?

পাঁচনি 17:29-33 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

29 আমি যদি ঈশ্বৰৰ সন্তান হওঁ, তেনেহলে মানুহৰ শিল্পকলা আৰু চিন্তাৰে সজা সোণ, ৰূপ বা পাথৰৰ মূর্তিৰ দৰে ঈশ্বৰৰ ঐশ্বৰিকতাক আমি কল্পনা কৰিব নালাগে।
30 এই কাৰণতে, মানুহৰ অজ্ঞানতাৰ এনে কালছোৱাক ঈশ্বৰে ক্ষমাৰ চকুৰে চাইছে কিন্তু এতিয়া তেওঁ সকলো ঠাইতে আটাই মানুহক মন-পালটন কৰিবলৈ আজ্ঞা দিছে।
31 কিয়নো তেওঁ এনে এটা দিন নিৰূপণ কৰিছে যে, সেইদিনা তেওঁ মনোনীত কৰা লোক জনৰ দ্বাৰাই গোটেই পৃথিৱীক ধাৰ্মিকতাত সোধ-বিচাৰ কৰিব। ঈশ্বৰে সেই লোকক মৃতবোৰৰ মাজৰ পৰা তুলি সকলোৰে আগত তেওঁৰ প্রমাণ দিলে।
32 আথিনীৰ লোক সকলে যেতিয়া মৃত সকলৰ পুনৰুত্থানৰ কথা শুনিলে, কেইজনমানে পৌলক ঠাট্টা-মস্কৰা কৰিবলৈ ধৰিলে; কিন্তু আন কোনো কোনোৱে ক’লে, “এই বিষয়ে আমি আকৌ এবাৰ আপোনাৰ পৰা শুনিম।”
33 ইয়াৰ পাছত পৌলে তেওঁলোকক এৰি গুছি গ’ল।
পাঁচনি 17 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019