Text copied!
Bibles in Assamese

পাঁচনি 17:2-9 in Assamese

Help us?

পাঁচনি 17:2-9 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

2 পৌলে তেওঁৰ নিয়ম অনুযায়ী ইহুদী সকলৰ নাম-ঘৰলৈ গ’ল আৰু একেৰাহে তিনিটা বিশ্রাম-বাৰত তেওঁলোকৰ সৈতে ধৰ্মশাস্ত্ৰৰ পৰা যুক্তিৰে আলোচনা কৰিলে।
3 তেওঁ শাস্ত্ৰীয় বচন মেলি ব্যাখ্যা কৰিলে যে, খ্রীষ্টই দুখভোগ কৰা আৰু মৃত্যুৰ পৰা পুণর্জীৱিত হোৱাৰ প্রয়োজন আছিল। তেওঁ আকৌ ক’লে, “এই যি যীচুক মই আপোনালোকৰ আগত প্রচাৰ কৰিছোঁ, সেই যীচুৱেই হৈছে খ্রীষ্ট।”
4 তাতে কিছুমান ইহুদীয়ে এই কথাত সন্মতি জনাই পৌল আৰু চীলৰ লগত যোগ দিলে। তাৰোপৰি অনেক ঈশ্বৰভক্ত গ্রীক আৰু গণ্য-মান্য মহিলা সকলকে ধৰি এক বৃহৎ দলে তেওঁলোকৰ লগত যোগ দিলে।
5 কিন্তু বিশ্বাস নকৰা ইহুদী সকলে হিংসা কৰি বজাৰ অঞ্চলৰ পৰা কিছুমান দুষ্ট লোকক মাতি আনি একগোট কৰিলে আৰু নগৰৰ মাজত গণ্ডগোল লগাই দিলে। পৌল আৰু চীলক বিচাৰি মানুহবোৰৰ মাজলৈ নিবৰ বাবে তেওঁলোকে যাচোনৰ ঘৰ আক্রমণ কৰিলে।
6 কিন্তু তাত তেওঁলোকক নাপাই যাচোন আৰু কোনো কোনো ভাইক টানি আনি চহৰৰ শাসনকর্তাৰ আগলৈ লৈ গ’ল আৰু চিঞৰি কবলৈ ধৰিলে, “যি লোক সকলে সমগ্র পৃথিৱী উলট-পালট কৰিছে, তেওঁলোক এতিয়া ইয়াতো উপস্থিত হৈছে,
7 আৰু যাচোনে তেওঁলোকক আলহী কৰি ৰাখিছে। এই লোক সকলে চীজাৰৰ আজ্ঞা অমান্য কৰি কৈ ফুৰিছে যে, যীচু নামৰ আন এজন ৰজা আছে।”
8 এইবোৰ কথা শুনি সমবেত জনতা আৰু নগৰৰ শাসনকর্তা সকল উদ্বিগ্ন হৈ পৰিল।
9 তেওঁলোকে যাচোন আৰু আন লোক সকলৰ পৰা জৰিমনা ললে আৰু জৰিমনা আদায় দিয়াৰ পাছত তেওঁলোকক যাবলৈ এৰি দিলে।
পাঁচনি 17 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019