19 তেওঁলোকে পৌলক ধৰি আৰেয়পাগৰ সভালৈ নি সুধিলে, “আপুনি এই যি নতুন শিক্ষা দিছে, সেইটো কি, সেই বিষয়ে আমি জনিব পাৰোঁ নে?
20 কিয়নো আপুনি কিছুমান অদ্ভুত কথা আমাক শুনাইছে। গতিকে এই কথাবোৰৰ অর্থ কি, সেই বিষয়ে আমি জানিব বিচাৰো।”
21 আথিনীৰ লোক সকলে আৰু তাত থকা বিদেশী সকলেও মাত্র কিছুমান নিত্য নতুন বিষয় লৈ আলোচনা কৰি বা শুনি আজৰি সময় কটায়।
22 তেতিয়া পৌলে আৰেয়পাগৰ সভাৰ মাজত থিয় হৈ ক’লে, “হে আথিনীৰ জনগণ, মই দেখিছোঁ যে আপোনালোক সকলো ক্ষেত্রতে অতিশয় ধর্মপ্ৰাণ মানুহ।
23 কিয়নো মই ঘূৰি ফুৰোতে আৰু আপোনালোকে উপাসনা কৰা বস্তুবোৰ লক্ষ্য কৰোঁতে, ‘অবিদিত ঈশ্বৰলৈ বেদি’ বুলি লিখা এটা বেদি দেখা পালোঁ। এতেকে আপোনালোকে নাজানি যি জনৰ উপাসনা কৰিছে, তেওঁৰ সম্বন্ধে মই আপোনালোকৰ ওচৰত প্রচাৰ কৰিছোঁ।
24 ঈশ্বৰ, যি জন পৃথিৱী আৰু তাত থকা সকলো বস্তুৰ সৃষ্টিকর্তা, তেওঁ স্বৰ্গ আৰু পৃথিৱীৰ গৰাকী। তেওঁ মনুষ্যৰ হাতেৰে সজা মন্দিৰত নিবাস নকৰে।