17সেয়ে তেওঁ ইহুদী আৰু ঈশ্বৰক উপাসনা কৰা গ্রীক সকলৰ লগত নাম-ঘৰত যুক্তিৰে আলোচনা কৰিলে। বজাৰ অঞ্চলতো প্রতিদিনে লগ পোৱা লোক সকলৰ লগত আলোচনা কৰিলে।
18তাতে ইপিকূৰী আৰু স্তোয়িকী দর্শন-শাস্ত্রৰ দার্শনিক কেইজনমানে পৌলৰ লগত তর্ক-যুদ্ধত লিপ্ত হ’ল। কিছুমানে ক’লে, “এই জনে বকবকাই কি কবলৈ বিচাৰিছে?” আন কোনোবাই ক’লে, “ই দেখিছোঁ কোনোবা বিদেশী দেৱতাবোৰৰ কথা প্রচাৰ কৰিছে।” কাৰণ পৌলে যীচু আৰু তেওঁৰ পুনৰুত্থানৰ বিষয়ে কৈ আছিল।
19তেওঁলোকে পৌলক ধৰি আৰেয়পাগৰ সভালৈ নি সুধিলে, “আপুনি এই যি নতুন শিক্ষা দিছে, সেইটো কি, সেই বিষয়ে আমি জনিব পাৰোঁ নে?
20কিয়নো আপুনি কিছুমান অদ্ভুত কথা আমাক শুনাইছে। গতিকে এই কথাবোৰৰ অর্থ কি, সেই বিষয়ে আমি জানিব বিচাৰো।”
21আথিনীৰ লোক সকলে আৰু তাত থকা বিদেশী সকলেও মাত্র কিছুমান নিত্য নতুন বিষয় লৈ আলোচনা কৰি বা শুনি আজৰি সময় কটায়।
22তেতিয়া পৌলে আৰেয়পাগৰ সভাৰ মাজত থিয় হৈ ক’লে, “হে আথিনীৰ জনগণ, মই দেখিছোঁ যে আপোনালোক সকলো ক্ষেত্রতে অতিশয় ধর্মপ্ৰাণ মানুহ।