Text copied!
Bibles in Assamese

পাঁচনি 15:28-36 in Assamese

Help us?

পাঁচনি 15:28-36 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

28 কিয়নো পবিত্ৰ আত্মা আৰু আমাৰ কাৰণে এইটোৱেই ভাল যেন দেখিলোঁ যে, প্রয়োজনীয় এই বিষয়বোৰৰ বাহিৰে অতিৰিক্ত কোনো বোজা আপোনালোকৰ ওপৰত জাপি দিয়া নহ’ব:
29 আপোনালোকে মূর্তিৰ ওচৰত উৎসর্গ কৰা প্ৰসাদৰ পৰা বিৰত থাকক। তেজ আৰু টেটু-চেপা দি মৰা কোনো প্রাণীৰ মাংস আৰু তেজ নাখাব; কোনো ব্যভিচাৰ নকৰিব। এই সকলোবোৰৰ পৰা নিজক আতৰাই ৰাখিলে, আপোনালোকৰ মঙ্গল হ’ব। ইতি।”
30 পৌল, বার্ণব্বা আৰু সেই লোক সকলক পঠাই দিয়াৰ পাছত তেওঁলোক আন্তিয়খিয়ালৈ গ’ল। তাতে তেওঁলোকে লোক সকলক একত্রিত কৰি চিঠি খন দিলে।
31 পাছত লোক সকলে চিঠি খন পঢ়ি উৎসাহিত হৈ আনন্দ কৰিবলৈ ধৰিলে।
32 যিহূদা আৰু চীল নিজেও ভাৱবাদী হোৱাত তেওঁলোকে বহুতো কথাৰে ভাই সকলক উৎসাহ দি শক্তি যোগালে।
33 এইদৰে যিহূদা আৰু চীল কিছুদিন তাত থকাৰ পাছত, তেওঁলোকক পঠোৱা লোক সকলৰ ওচৰলৈ উলটি যাবৰ কাৰণে ভাই সকলৰ পৰা কুশলে বিদায় ললে।
35 কিন্তু পৌল আৰু বার্ণব্বা আন্তিয়খিয়াতে থাকিল। তেওঁলোকে আন আন লোকেৰে সৈতে প্রভুৰ বাক্যৰ পৰা উপদেশ দি প্রচাৰ কৰিবলৈ ধৰিলে।
36 কিছুদিনৰ পাছত পৌলে বার্ণব্বাক ক’লে, “বলা, যিবোৰ নগৰত আমি প্রভুৰ বাক্য ঘোষণা কৰিছিলোঁ, সেই ঠাইবোৰলৈ আমি এতিয়া উভটি যাওঁ আৰু ভাই সকলক দেখা কৰোঁ; তাতে তেওঁলোক কেনে আছে তাক চাওঁগৈ।”
পাঁচনি 15 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019