Text copied!
Bibles in Assamese

পাঁচনি 15:19-30 in Assamese

Help us?

পাঁচনি 15:19-30 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 এই কাৰণে মোৰ বিচাৰ এই যে, যি সকল অনা-ইহুদী লোক ঈশ্বৰলৈ ঘূৰিছে; আমি তেওঁলোকক কষ্ট দিয়া উচিত নহয়।
20 বৰং আমি তেওঁলোকলৈ এই কথা লিখি জনাওঁ যে, তেওঁলোকে যেন মূর্তি পূজা বিষয়ক কোনো অশুচিতা, ব্যভিচাৰ আৰু টেঁটু চেপি মৰা প্রাণীৰ মাংস আৰু তেজ খোৱা, এই সকলোবোৰৰ পৰা পৃথকে থাকে।
21 কিয়নো পূর্বকালৰে পৰা প্রত্যেক নগৰতে মোচিৰ বিধান প্রচাৰ কৰা লোক সকল আছে আৰু প্রত্যেক বিশ্রামবাৰে ইহুদী সকলৰ নাম-ঘৰত তেওঁলোকে সেইবোৰ পঢ়ে।
22 তেতিয়া গোটেই মণ্ডলীৰ সৈতে পাঁচনি আৰু পৰিচাৰক সকলে যাকোবৰ কথাত সমর্থন দিলে আৰু তেওঁলোকৰ মাজৰ পৰা যিহূদা আৰু চীল, নামৰ মণ্ডলীৰ দুজন নেতাক মনোনীত কৰি পৌল আৰু বার্ণব্বাৰ লগত আন্তিয়খিয়ালৈ পঠাবলৈ ঠিক কৰিলে। এই যিহূদাক বার্চব্বা বুলিও মতা হয়।
23 তেওঁলোকৰ হাতত এইদৰে এখন পত্র লিখি পঠালে: “আন্তিয়খিয়া, চিৰিয়া আৰু কিলিকিয়াৰ অনা-ইহুদী বিশ্বাসী ভাই সকলৰ সমীপলৈ- পাঁচনি, পৰিচাৰক আৰু বিশ্বাসী ভাই সকলৰ শুভেচ্ছা।
24 আমি শুনিবলৈ পাইছো যে, আমাৰ মাজৰ পৰা গৈ কেইজনমান লোকে আমাৰ আজ্ঞাৰ অবিহনে আপোনালোকক শিক্ষা দি মন অস্থিৰ কৰিছে আৰু আপোনালোকক নানা সমস্যাৰ মাজত পেলাইছে।
25 সেয়েহে আমি কেইজনমানক মনোনীত কৰিবলৈ একমত হ’লো আৰু তেওঁলোকক আমাৰ প্রিয় ভাই বার্ণব্বা আৰু পৌলৰ সৈতে আপোনালোকৰ ওচৰলৈ পঠালোঁ।
26 পৌল আৰু বার্ণব্বাই আমাৰ প্রভু যীচু খ্রীষ্টৰ নামৰ কাৰণে নিজৰ জীৱন বিপদাপন্ন কৰিছে;
27 এই কাৰণে আমি যিহূদা আৰু চীলক পঠালোঁ। তেওঁলোকে আপোনালোকক একেবোৰ কথাকে কব।
28 কিয়নো পবিত্ৰ আত্মা আৰু আমাৰ কাৰণে এইটোৱেই ভাল যেন দেখিলোঁ যে, প্রয়োজনীয় এই বিষয়বোৰৰ বাহিৰে অতিৰিক্ত কোনো বোজা আপোনালোকৰ ওপৰত জাপি দিয়া নহ’ব:
29 আপোনালোকে মূর্তিৰ ওচৰত উৎসর্গ কৰা প্ৰসাদৰ পৰা বিৰত থাকক। তেজ আৰু টেটু-চেপা দি মৰা কোনো প্রাণীৰ মাংস আৰু তেজ নাখাব; কোনো ব্যভিচাৰ নকৰিব। এই সকলোবোৰৰ পৰা নিজক আতৰাই ৰাখিলে, আপোনালোকৰ মঙ্গল হ’ব। ইতি।”
30 পৌল, বার্ণব্বা আৰু সেই লোক সকলক পঠাই দিয়াৰ পাছত তেওঁলোক আন্তিয়খিয়ালৈ গ’ল। তাতে তেওঁলোকে লোক সকলক একত্রিত কৰি চিঠি খন দিলে।
পাঁচনি 15 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019