Text copied!
Bibles in Assamese

পাঁচনি 14:15-26 in Assamese

Help us?

পাঁচনি 14:15-26 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 “ৰাইজ সকল, আপোনালোকে কিয় এইবোৰ কৰিছে? আমিও আপোনালোকৰ দৰে সকলো অনুভৱ কৰিব পৰা সাধাৰণ মানুহ। আমি আপোনালোকক শুভবার্তা শুনাবলৈ আহিছোঁ। এই অসাৰ বিষয়বোৰ ত্যাগ কৰি, যি জন ঈশ্বৰে স্বৰ্গ, পৃথিৱী, সমুদ্র আৰু তাৰ মাজত থকা সকলোকে স্রজন কৰিলে, সেই জনা জীৱিত ঈশ্বৰলৈ আপোনালোক ঘূৰিব আহিব লাগে।
16 অতীতত তেওঁ সকলো জাতিক নিজৰ ইচ্ছানুসাৰে চলিবলৈ দিছিল।
17 কিন্তু তথাপি তেওঁ নিজৰ বিষয়ে প্রমাণ নিদিয়াকৈ নাথাকিল। তেওঁ সকলোৰে মঙ্গল কৰে। তেওঁ আকাশৰ পৰা বৰষুণ আৰু বিভিন্ন ঋতুত শস্য দিয়ে। তেওঁ আপোনালোকলৈ আহাৰ যোগায় আৰু আপোনালোকৰ হৃদয় আনন্দেৰে পূর্ণ কৰে।”
18 এইবোৰ কথা কৈ পৌল আৰু বার্ণব্বাই তেওঁলোকৰ উদ্দেশ্যে বলি উৎসর্গ কৰাৰ পৰা লোক সকলক কোনো মতেহে বাধা দি ৰাখিলে।
19 ইয়াৰ পাছত আন্তিয়খিয়া আৰু ইকনিয়ৰ পৰা কেইজনমান ইহুদী লোক আহি তাত থকা লোক সকলক প্রৰোচিত কৰাত মানুহবোৰে পৌললৈ শিল দলিয়ালে আৰু পাছত তেওঁ মৰিল বুলি ভাবি তেওঁক নগৰৰ বাহিৰলৈ চোঁচৰাই লৈ গ’ল।
20 কিন্তু শিষ্য সকল আহি তেওঁক আগুৰি ধৰি থিয় হ’ল আৰু তাৰ পাছত তেওঁ উঠি পুনৰ নগৰলৈ গ’ল। পিছদিনা পৌল, বার্ণব্বাৰে সৈতে দর্বী নগৰলৈ গ’ল।
21 সেই নগৰত তেওঁলোকে শুভবার্তা প্রচাৰ কৰিলে আৰু বহু লোক যীচুৰ শিষ্য হ’ল। পুনৰ তেওঁলোক লুস্ত্ৰা, ইকনিয় আৰু আন্তিয়খিয়ালৈ উলটি গ’ল।
22 তাত তেওঁলোকে শিষ্য সকলৰ মনোবল শক্তিশালী কৰিলে আৰু বিশ্বাস অটুট ৰাখিবলৈ উৎসাহ যোগালে। তেওঁলোকে শিষ্য সকলক ক’লে যে, “অনেক দুখভোগৰ মাজেদি আমি ঈশ্বৰৰ ৰাজ্যত প্রৱেশ কৰিব লাগিব।”
23 পৌল আৰু বার্ণব্বাই প্ৰাৰ্থনা আৰু উপবাসেৰে সৈতে প্রত্যেকটো বিশ্বাসী মণ্ডলীত শিষ্য সকলৰ কাৰণে পৰিচাৰক সকলক মনোনীত কৰিলে আৰু যি জন প্রভুত তেওঁলোকে বিশ্বাস স্থাপন কৰিলে, তেওঁৰ হাতত তেওঁলোকক সঁপি দিলে।
24 ইয়াৰ পাছত তেওঁলোক পিচিদিয়া প্রদেশৰ মাজেদি পাম্ফুলিয়ালৈ আহিল।
25 তেওঁলোকে পৰ্গাত বাক্য প্রচাৰ কৰি আত্তালিয়ালৈ গ’ল।
26 তাৰ পৰা পৌল আৰু বার্ণব্বাই জাহাজেৰে আন্তিয়খিয়ালৈ আহিল। যি কার্য তেওঁলোকে এতিয়া সম্পূর্ণ কৰিলে, সেই কার্যৰ কাৰণে এই নগৰতে তেওঁলোকক ঈশ্বৰৰ অনুগ্রহলৈ সমর্পিত কৰা হৈছিল।
পাঁচনি 14 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019