Text copied!
Bibles in Assamese

পাঁচনি 13:27-32 in Assamese

Help us?

পাঁচনি 13:27-32 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

27 কিয়নো যিৰূচালেম নিবাসী আৰু তেওঁলোকৰ শাসনকৰ্তা সকলে তেওঁক নাজানি আৰু প্ৰত্যেক বিশ্ৰামবাৰত পঢ়া ভাববাদী সকলৰ বাক্যকো নুবুজি, যীচুক দোষাৰোপ কৰি, সেই বাক্য পূৰ্ণ কৰিলে৷
28 আনকি প্ৰাণদণ্ডৰ কোনো কাৰণ বিচাৰি নাপাই, তেওঁক বধ কৰিবলৈ পীলাতৰ আগত নিবেদন কৰিলে,
29 আৰু তেওঁৰ বিষয়ে যি যি কথা লিখা আছিল; তেওঁলোকে সেই সকলোকে সম্পন্ন কৰি তেওঁক কাঠৰ পৰা নমাই মৈদামত শুৱাই থলে৷
30 কিন্তু ঈশ্বৰে তেওঁক মৃতবোৰৰ মাজৰ পৰা তুলিলে
31 আৰু গালীল প্ৰদেশৰ পৰা যিৰূচালেমলৈ তেওঁৰ লগত অহা সকলক তেওঁ অনেক দিনলৈ দেখা দি থাকিল৷ তেওঁলোকেই এতিয়া লোক সকলৰ আগত তেওঁৰ সাক্ষী হৈ আছে৷
32 গতিকে আমাৰ পূৰ্ব-পুৰুষ সকলৰ আগত ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ বিষয়ে, আমি আপোনালোকক এই শুভবাৰ্তা জনাইছো:
পাঁচনি 13 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019