Text copied!
Bibles in Assamese

পাঁচনি 13:22-36 in Assamese

Help us?

পাঁচনি 13:22-36 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

22 ইয়াৰ পাছত ঈশ্বৰে ৰজাৰ শাসনৰ পৰা তেওঁক আতৰাই, তেওঁলোকৰ ৰজা হবলৈ দায়ুদক মনোনীত কৰিলে৷ আৰু দায়ুদৰ বিষয়ে ঈশ্বৰে সাক্ষ্য দি কলে, ‘মোৰ মনৰ দৰে এজনক, অৰ্থাৎ যিচয়ৰ পুত্ৰ দায়ুদক পালোঁ; তেওঁ মোৰ সকলো ইচ্ছা পূৰ্ণ কৰিব৷’
23 এই জন মানুহৰ বংশৰ পৰা ঈশ্বৰে প্ৰতিজ্ঞা কৰাৰ দৰে এজন ত্ৰাণকৰ্তা, অৰ্থাৎ যীচুক ইস্ৰায়েলী লোকৰ আগত উপস্থিত কৰিলে৷
24 যীচু অহাৰ আগেয়ে, যোহনে ইস্ৰায়েলী লোক সকলৰ আগত মন-পালটনৰ বাপ্তিস্মৰ কথা ঘোষণা কৰিলে৷
25 যোহনে তেওঁৰ কাৰ্য সম্পন্ন কৰোঁতে, এই কথা কৈছিল, ‘আপোনালোকে মোক কোন বুলি ভাবিছে? মই সেই জন নহওঁ৷ কিন্তু শুনক, এনে এজন মোৰ পাছত আহি আছে, যি জনৰ চৰণৰ পাদুকাৰ বান্ধ খুলিবৰো মই যোগ্য নহওঁ৷’
26 হে ভাই সকল, হে অব্ৰাহামৰ বংশৰ সন্তান সকল আৰু আপোনালোকৰ মাজৰ ঈশ্বৰ ভয়কাৰী সকল, আমালৈ এই পৰিত্রাণৰ বাক্য পঠোৱা হৈছে৷
27 কিয়নো যিৰূচালেম নিবাসী আৰু তেওঁলোকৰ শাসনকৰ্তা সকলে তেওঁক নাজানি আৰু প্ৰত্যেক বিশ্ৰামবাৰত পঢ়া ভাববাদী সকলৰ বাক্যকো নুবুজি, যীচুক দোষাৰোপ কৰি, সেই বাক্য পূৰ্ণ কৰিলে৷
28 আনকি প্ৰাণদণ্ডৰ কোনো কাৰণ বিচাৰি নাপাই, তেওঁক বধ কৰিবলৈ পীলাতৰ আগত নিবেদন কৰিলে,
29 আৰু তেওঁৰ বিষয়ে যি যি কথা লিখা আছিল; তেওঁলোকে সেই সকলোকে সম্পন্ন কৰি তেওঁক কাঠৰ পৰা নমাই মৈদামত শুৱাই থলে৷
30 কিন্তু ঈশ্বৰে তেওঁক মৃতবোৰৰ মাজৰ পৰা তুলিলে
31 আৰু গালীল প্ৰদেশৰ পৰা যিৰূচালেমলৈ তেওঁৰ লগত অহা সকলক তেওঁ অনেক দিনলৈ দেখা দি থাকিল৷ তেওঁলোকেই এতিয়া লোক সকলৰ আগত তেওঁৰ সাক্ষী হৈ আছে৷
32 গতিকে আমাৰ পূৰ্ব-পুৰুষ সকলৰ আগত ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ বিষয়ে, আমি আপোনালোকক এই শুভবাৰ্তা জনাইছো:
33 ঈশ্বৰে যীচুক মৃত্যুৰ পৰা তুলি, সেই প্ৰতিজ্ঞা আমাৰ সন্তান সকললৈ সিদ্ধ কৰিলে৷ এই বিষয়ে গীতমালাৰ দুই নম্বৰ গীতত লিখা আছে, বোলে, ‘তুমি মোৰ পুত্ৰ, আজি মই তোমাক জন্ম দিলোঁ৷’
34 ঈশ্বৰে যীচুক যে মৃতবোৰৰ মাজৰ পৰা তুলিলে, আগলৈ ক্ষয় নাপাবলৈহে তুলিলে৷ এই বিষয়ে ঈশ্বৰে কৈছিলঃ ‘দায়ুদৰ ওচৰত যি যি পবিত্ৰ বিধান আৰু সত্য প্ৰতিশ্ৰুতি দিছিলোঁ, সেই সকলো মই তোমালোকক দিম৷’
35 এইদৰে আন গীতত তেওঁ কৈছে, ‘তুমি তোমাৰ পবিত্ৰ জনক ক্ষয় পাবলৈ নিদিবা৷’
36 কিয়নো দায়ুদে ঈশ্বৰৰ ইচ্ছাৰ দৰে সেৱা কৰি, তেওঁৰ সময়ত মানুহবোৰৰ উপকাৰ সাধন কৰিলে আৰু মহা-নিদ্ৰা গ’ল, আৰু তেওঁক পিতৃপুৰুষ সকলৰ সৈতে মৈদামত থোৱা হোৱাত ক্ষয় পালে,
পাঁচনি 13 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019