Text copied!
Bibles in Assamese

পাঁচনি 11:14-26 in Assamese

Help us?

পাঁচনি 11:14-26 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 তাতে তুমি আৰু তোমাৰ ঘৰৰ সকলোৱে যাৰ দ্বাৰাই পৰিত্ৰাণ পাবা, সেই কথা তেওঁ তোমাক কব৷”
15 পাছে মই কথা কবলৈ ধৰোতেই, পূৰ্বতে আমাৰ ওপৰত যেনেকৈ পবিত্ৰ আত্মা নামিছিল, তেনেকৈ তেওঁলোকৰ ওপৰতো নামিল৷
16 “যোহনে হলে পানীতহে বাপ্তিস্ম দিলে কিন্তু তোমালোকক হ’লে পবিত্ৰ আত্মাত বাপ্তিস্ম দিয়া হ’ব,” প্ৰভুৱে কোৱা এই কথা মোৰ মনত পৰিল৷
17 এতেকে আমি প্ৰভু যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ বাবে ঈশ্বৰে যি দান আমাক দিলে সেই একে দান তেওঁলোককো দিলে, গতিকে ঈশ্বৰক প্ৰতিৰোধ কৰিবলৈ মই নো কোন?”
18 এই কথা শুনি তেওঁলোকে কোনো সহাঁৰি নিদি বৰং ঈশ্বৰৰ স্তুতি কৰি কলে, “তেনেহলে, ঈশ্বৰে অনা-ইহুদী লোককো জীৱনৰ অৰ্থে মন-পালটন দান কৰিলে৷”
19 ইতিপূৰ্বে যিবোৰ মানুহে স্তিফানৰ মৃত্যুৰ ক্ষেত্ৰত হোৱা বেজাৰৰ কাৰণে গোট গোট হৈ আছিল, তেওঁলোকে ফৈনীকিয়া, কুপ্ৰ, আৰু আন্তিয়খিয়ালৈকে ফুৰি, ইহুদী লোকৰ বাহিৰে আন কাৰো আগত ঈশ্বৰৰ বাক্য প্ৰচাৰ নকৰিলে৷
20 কিন্তু তেওঁলোকৰ মাজৰ কুপ্র আৰু কুৰীণীৰ কিছুমান আন্তিয়খিয়ালৈ আহি গ্ৰীকভাষী সকলৰ আগত প্ৰভু যীচুৰ শুভবাৰ্তা প্ৰচাৰ কৰিলে৷
21 আৰু প্ৰভুৰ হাত তেওঁলোকৰ সহকাৰী হ’ল, তাতে বহুসংখ্যক লোকে বিশ্বাস কৰি প্ৰভুলৈ আহিল৷
22 পাছত তেওঁলোকৰ সবিশেষ বাৰ্তা যিৰূচালেমত থকা মণ্ডলীৰ কাণত যেতিয়া পৰিল, তেতিয়া মণ্ডলীয়ে বাৰ্ণব্বাক আন্তিয়খিয়ালৈ পঠিয়াই দিলে৷
23 তেওঁ তাত উপস্থিত হৈ, ঈশ্বৰৰ অনুগ্ৰহ দেখি আনন্দিত হ’ল; আৰু হৃদয়ৰ আগ্ৰহেৰে প্ৰভুত আসক্ত হৈ থাকিবলৈ সকলোকে উদগালে৷
24 কিয়নো তেওঁ উত্তম লোক হোৱাৰ উপৰি, পবিত্ৰ আত্মাৰে বিশ্বাসত পৰিপূৰ্ণ আছিল, তাতে মানুহৰ এটা ডাঙৰ দলে প্ৰভুত যোগ দিলে৷
25 পাছত বাৰ্ণব্বাই চৌলক বিচাৰিবলৈ তাৰ্চ নগৰলৈ গ’ল৷
26 আৰু তেওঁক পাই আন্তিয়খিয়ালৈ লৈ আহিল৷ তাতে তেওঁলোকে গোটেই বছৰ মণ্ডলীত গোট খোৱা বহু লোকক উপদেশ দিলে৷ এই আন্তিয়খিয়া নগৰতেই শিষ্য সকলক প্ৰথমে খ্ৰীষ্টিয়ান বুলি মতা হ’ল৷
পাঁচনি 11 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019