Text copied!
Bibles in Assamese

পাঁচনি 10:6-15 in Assamese

Help us?

পাঁচনি 10:6-15 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

6 তেওঁ সাগৰৰ তীৰত নিবাস কৰা চিমোন নামৰ মুচিয়াৰৰ ঘৰত আলহী হৈ আছে৷”
7 এনেদৰে কৰ্ণীলিয়ক কৈ স্বৰ্গৰ দূত গুচি গ’ল, তাৰ পাছত তেওঁ নিজৰ ঘৰৰ দুজন লগুৱা আৰু আলপৈচান ধৰা সকলৰ মাজৰ ভক্ত সৈন্য এজনক মাতি আনি,
8 তেওঁলোকক সকলো কথা তেওঁ বুজাই কলে, আৰু যাফোলৈ পঠাই দিলে৷
9 পাছদিনা বাৰ মান বজাত তেওঁলোকে নগৰৰ ওচৰ পালে, সেই সময়ত পিতৰে প্ৰাৰ্থনা কৰিবৰ বাবে ঘৰৰ ওপৰলৈ উঠিছিল৷
10 তেতিয়া তেওঁৰ ভোক লগাত খাবলৈ ইচ্ছা কৰিলে, কিন্তু লোক সকলে আহাৰ যুগুত কৰি থাকোতে তেওঁ মূৰ্ছিত হৈ পৰিল;
11 আৰু আকাশ খন মুকলি হৈ, চাৰি চুকত ধৰি পৃথিৱীলৈ নমাই দিয়া ডাঙৰ কাপোৰৰ নিচিনা কোনো এটা পাত্ৰ নমা দেখিলে৷
12 তাত সকলো বিধৰ চাৰিঠেঙীয়া জন্তু, উৰগ আৰু আকাশৰ চৰাইবোৰ আছিল৷
13 তেতিয়া তেওঁলৈ এনে বাণী হ’ল বোলে: “উঠা, মাৰি খোৱা৷”
14 কিন্তু পিতৰে কলে, “হে প্ৰভু, এনে নহওক; কিয়নো মই কোনো ধৰণৰ বৰ্জিত আৰু অশুচি বস্তু কেতিয়াও খোৱা নাই৷”
15 দ্বিতীয় বাৰ তেওঁলৈ এই বাণী হ’ল: “ঈশ্বৰে যিহকে শুচি কৰিলে, তাক তুমি বৰ্জিত নুবুলিবা৷”
পাঁচনি 10 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019