43তেওঁৰ পক্ষে সকলো ভাববাদীয়েও সাক্ষ্য দিয়ে যাতে তেওঁত বিশ্বাস কৰা সকলোৱে তেওঁৰ নামেৰে পাপ-মোচন পায়৷
44পিতৰে এই কথা কৈ থাকোতেই, শুনি থকা সকলোৰে ওপৰত পবিত্ৰ আত্মা আহিল৷
45তাতে পিতৰৰ লগত অহা চুন্নৎ হোৱা বিশ্বাসী সকলে অনা-ইহুদী সকলৰ ওপৰতো পবিত্ৰ আত্মা বাকি দিয়া দেখি বিস্ময় মানিলে৷
46কাৰণ সেই অনা-ইহুদী সকলে নানা ভাষাৰে কথা কৈ ঈশ্বৰৰ স্তুতি কৰা তেওঁলোকে শুনিবলৈ পালে৷ তেতিয়া পিতৰে উত্তৰ দি কলে,
47“আমাৰ নিচিনাকৈ পবিত্ৰ আত্মা পোৱা এওঁলোক বাপ্তাইজিত নহবলৈ কোনোবাই জলক বাধা দিব পাৰে নে?”
48তেতিয়া তেওঁ যীচু খ্ৰীষ্টৰ নামেৰে তেওঁলোকক বাপ্তাইজিত হবলৈ আজ্ঞা দিলে৷ পাছত সেই ঠাইতে তেওঁলোকক কিছুদিন থাকিবলৈ তেওঁ মিনতি কৰিলে৷