3 এদিন আবেলি প্ৰায় তিনি মান বজাত, দৰ্শনত “হে কৰ্ণীলিয়!” বুলি তেওঁক মাতা ঈশ্বৰৰ এজন দূতক স্পষ্টকৈ দেখিলে৷
4 তেতিয়া কৰ্ণীলিয়ই দূতলৈ তধা লাগি চাই ভয় খাই কলে, “কি কয় প্ৰভু?” দূতে তেওঁক কলে, “তোমাৰ প্ৰাৰ্থনা আৰু দান সোৱঁৰণীয় ৰূপে ঈশ্বৰৰ আগত গ্ৰহণীয় হ’ল৷
5 এতিয়া যাফোলৈ মানুহ পঠিয়াই চিমোন, যাৰ প্ৰখ্যাত নাম পিতৰ, তেওঁক মাতি পঠোৱা,
6 তেওঁ সাগৰৰ তীৰত নিবাস কৰা চিমোন নামৰ মুচিয়াৰৰ ঘৰত আলহী হৈ আছে৷”
7 এনেদৰে কৰ্ণীলিয়ক কৈ স্বৰ্গৰ দূত গুচি গ’ল, তাৰ পাছত তেওঁ নিজৰ ঘৰৰ দুজন লগুৱা আৰু আলপৈচান ধৰা সকলৰ মাজৰ ভক্ত সৈন্য এজনক মাতি আনি,
8 তেওঁলোকক সকলো কথা তেওঁ বুজাই কলে, আৰু যাফোলৈ পঠাই দিলে৷
9 পাছদিনা বাৰ মান বজাত তেওঁলোকে নগৰৰ ওচৰ পালে, সেই সময়ত পিতৰে প্ৰাৰ্থনা কৰিবৰ বাবে ঘৰৰ ওপৰলৈ উঠিছিল৷