3এদিন আবেলি প্ৰায় তিনি মান বজাত, দৰ্শনত “হে কৰ্ণীলিয়!” বুলি তেওঁক মাতা ঈশ্বৰৰ এজন দূতক স্পষ্টকৈ দেখিলে৷
4তেতিয়া কৰ্ণীলিয়ই দূতলৈ তধা লাগি চাই ভয় খাই কলে, “কি কয় প্ৰভু?” দূতে তেওঁক কলে, “তোমাৰ প্ৰাৰ্থনা আৰু দান সোৱঁৰণীয় ৰূপে ঈশ্বৰৰ আগত গ্ৰহণীয় হ’ল৷
5এতিয়া যাফোলৈ মানুহ পঠিয়াই চিমোন, যাৰ প্ৰখ্যাত নাম পিতৰ, তেওঁক মাতি পঠোৱা,
6তেওঁ সাগৰৰ তীৰত নিবাস কৰা চিমোন নামৰ মুচিয়াৰৰ ঘৰত আলহী হৈ আছে৷”
7এনেদৰে কৰ্ণীলিয়ক কৈ স্বৰ্গৰ দূত গুচি গ’ল, তাৰ পাছত তেওঁ নিজৰ ঘৰৰ দুজন লগুৱা আৰু আলপৈচান ধৰা সকলৰ মাজৰ ভক্ত সৈন্য এজনক মাতি আনি,
8তেওঁলোকক সকলো কথা তেওঁ বুজাই কলে, আৰু যাফোলৈ পঠাই দিলে৷