11 আৰু আকাশ খন মুকলি হৈ, চাৰি চুকত ধৰি পৃথিৱীলৈ নমাই দিয়া ডাঙৰ কাপোৰৰ নিচিনা কোনো এটা পাত্ৰ নমা দেখিলে৷
12 তাত সকলো বিধৰ চাৰিঠেঙীয়া জন্তু, উৰগ আৰু আকাশৰ চৰাইবোৰ আছিল৷
13 তেতিয়া তেওঁলৈ এনে বাণী হ’ল বোলে: “উঠা, মাৰি খোৱা৷”
14 কিন্তু পিতৰে কলে, “হে প্ৰভু, এনে নহওক; কিয়নো মই কোনো ধৰণৰ বৰ্জিত আৰু অশুচি বস্তু কেতিয়াও খোৱা নাই৷”
15 দ্বিতীয় বাৰ তেওঁলৈ এই বাণী হ’ল: “ঈশ্বৰে যিহকে শুচি কৰিলে, তাক তুমি বৰ্জিত নুবুলিবা৷”
16 এইদৰে তিনি বাৰ ঘটিল আৰু সেই পাত্ৰ তেতিয়াই আকাশৰ ওপৰলৈ তুলি নিয়া হ’ল৷
17 তেতিয়া পিতৰে যি দৰ্শন দেখিলে; সেই দৰ্শনৰ অৰ্থ কি হ’ব পাৰে ইয়াকে চিন্তা কৰি থাকোতেই, কৰ্ণীলিয়ই পঠোৱা মানুহ কেইজনে সুধি সুধি চিমোনৰ ঘৰলৈ আহি দুৱাৰমুখত থিয় হ’ল,
18 আৰু মাত লগাই সুধিলে, “বোলে সেই চিমোন ইয়াত থাকে নে যি জনৰ প্ৰখ্যাত নাম পিতৰ?”
19 তেতিয়া পিতৰে সেই দৰ্শনৰ কথা ভাবি থাকোতেই, আত্মাই তেওঁক কলে, “চোৱা, তিনি জন মানুহে তোমাক বিচাৰিছে৷
20 তুমি উঠা আৰু নামি যোৱা৷ তেওঁলোকে সৈতে সংশয় নকৰি যোৱা; কিয়নো মইহে তেওঁলোকক পঠালোঁ৷”