7 কিয়নো তেৱেঁই আমাৰ ঈশ্বৰ, আমি তেওঁৰ প্রজা; তেওঁৰ হাতৰ চৰণীয়া পথাৰৰ মেৰ-ছাগৰ নিচিনা। “আজি যদি তোমালোকে তেওঁৰ মাত শুনিলেহেঁতেন!”
8 তোমালোকৰ পূর্বপুৰুষসকলৰ দৰে তোমালোকে নিজৰ নিজৰ হৃদয় কঠিন নকৰিবা; তেওঁলোকে মৰুপ্রান্তৰৰ মাজত মিৰীবা আৰু মচ্ছাত মোৰ পৰীক্ষা কৰিছিল।
9 যদিও তোমালোকৰ পূর্বপুৰুষসকলে মোৰ কার্য দেখিছিল, তথাপিও তেওঁলোকে তাত মোক পৰীক্ষা কৰি প্রমাণ চাইছিল।