Text copied!
Bibles in Assamese

গীত 90:8-16 in Assamese

Help us?

গীত 90:8-16 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

8 তুমি আমাৰ অপৰাধবোৰ তোমাৰ সন্মুখত থৈছা; তোমাৰ উপস্থিতিৰ পোহৰত আমাৰ গুপুত পাপবোৰ প্রকাশ পায়।
9 তোমাৰ ভীষণ ক্ৰোধত আমাৰ দিনবোৰ হ্ৰাস হৈ যায়; নিশ্বাসৰ দৰেই আমাৰ আয়ুসৰ বছৰবোৰ শেষ হৈ যায়।
10 আমাৰ আয়ুস মাত্র সত্তৰ বছৰ, হয়তো শক্তি থাকিলে, আশী বছৰো হ’ব পাৰে; তথাপিতো আমি শক্তি থকা বছৰবোৰত মাথোন দুখ আৰু ক্লেশ থাকে; বছৰবোৰ বেগাই ঢুকাই যায় আৰু আমিও পলকতে উড়ি যাওঁ।
11 তোমাৰ ক্ৰোধৰ পৰাক্ৰম কোনে জানে? তোমাৰ ক্রোধ, তোমাৰ প্রাপ্য ভয়-ভক্তিৰ দৰেই মহান?
12 সেয়ে আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ তুমি আমাক শিকোৱা; যাতে আমি প্রজ্ঞাৰ চিত্ত লাভ কৰিব পাৰোঁ।
13 হে যিহোৱা, আৰু কিমান কাল? তুমি ঘূৰি আহাঁ! তোমাৰ দাসবোৰৰ প্রতি সদয় হোৱা।
14 পুৱাতে তোমাৰ গভীৰ প্রেমেৰে আমাক তৃপ্ত কৰা, যেন আয়ুস থাকেমানে গোটেই জীৱনত আমি আনন্দ আৰু উল্লাস কৰিব পাৰোঁ।
15 যিমান দিন ধৰি তুমি আমাক দুখ দিলা আৰু, যিমান বছৰ আমি কষ্ট দেখিলোঁ, সেই অনুসাৰেই তুমি আমাক আনন্দিত কৰা।
16 তোমাৰ দাসবোৰৰ আগত তোমাৰ কৰ্ম, আৰু তেওঁলোকৰ সন্তান সকলৰ ওপৰত তোমাৰ গৌৰৱ প্ৰকাশিত হওক।
গীত 90 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019