Text copied!
Bibles in Assamese

গীত 90:13-17 in Assamese

Help us?

গীত 90:13-17 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 হে যিহোৱা, আৰু কিমান কাল? তুমি ঘূৰি আহাঁ! তোমাৰ দাসবোৰৰ প্রতি সদয় হোৱা।
14 পুৱাতে তোমাৰ গভীৰ প্রেমেৰে আমাক তৃপ্ত কৰা, যেন আয়ুস থাকেমানে গোটেই জীৱনত আমি আনন্দ আৰু উল্লাস কৰিব পাৰোঁ।
15 যিমান দিন ধৰি তুমি আমাক দুখ দিলা আৰু, যিমান বছৰ আমি কষ্ট দেখিলোঁ, সেই অনুসাৰেই তুমি আমাক আনন্দিত কৰা।
16 তোমাৰ দাসবোৰৰ আগত তোমাৰ কৰ্ম, আৰু তেওঁলোকৰ সন্তান সকলৰ ওপৰত তোমাৰ গৌৰৱ প্ৰকাশিত হওক।
17 আমাৰ ঈশ্বৰ যিহোৱাৰ দয়া আমাৰ ওপৰত থাকক; তুমি আমাৰ হাতৰ সকলো কার্য সফল কৰা; হয়, আমাৰ হাতৰ সকলো কামত তুমি সফলতা দান কৰা।
গীত 90 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019