Text copied!
Bibles in Assamese

গীত 89:8-19 in Assamese

Help us?

গীত 89:8-19 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

8 হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমাৰ তুল্য পৰাক্ৰমী কোন আছে, হে প্রভু? তোমাৰ বিশ্বস্ততাই তোমাক বেৰি ৰাখিছে।
9 তর্জন-গর্জনেৰে ওফন্দি উঠা সমুদ্ৰক তুমি শাসন কৰা; তাৰ ঢৌ উঠিলে তুমিয়েই সেইবোৰক শান্ত কৰা।
10 তুমি ৰাহবক খণ্ড খণ্ড কৰি, হত হোৱা লোকৰ দৰে কৰিলা; তোমাৰ বাহুবলেৰে তুমি তোমাৰ শত্রুবোৰক ছিন্ন-ভিন্ন কৰিলা।
11 আকাশ-মণ্ডল তোমাৰ আৰু পৃথিবীও তোমাৰেই; জগত আৰু তাত থকা সকলোকে তুমিয়েই স্থাপন কৰিলা।
12 উত্তৰ আৰু দক্ষিণ তোমাৰেই সৃষ্টি; তাবোৰ আৰু হৰ্মোণে তোমাৰ নামত আনন্দ-ধ্বনি কৰে।
13 তোমাৰ বাহু পৰাক্ৰমেৰে ভৰা; তোমাৰ হাত শক্তিশালী, তোমাৰ সোঁ হাত প্রবল।
14 ধাৰ্মিকতা আৰু ন্যায়বিচাৰ তোমাৰ সিংহাসনৰ ভিত্তিমূল; প্রেম আৰু বিশ্ৱস্ততা তোমাৰ আগে আগে চলে।
15 ধন্য সেই লোক, যি লোকে আনন্দ-ধ্বনিৰে তোমাৰ আৰাধনা কৰে; হে যিহোৱা, তেওঁলোকে তোমাৰ মুখৰ দীপ্তিত চলাফুৰা কৰে।
16 ওৰে দিনটো তেওঁলোকে তোমাৰ নামত উল্লাস কৰে; তোমাৰ ধাৰ্মিকতাত তেওঁলোকে তোমাক তুলি ধৰে।
17 তুমিয়েই তেওঁলোকৰ শক্তিৰ শোভা; তোমাৰ অনুগ্ৰহতে আমাৰ শক্তি উন্নত হ’ব।
18 আমাৰ ৰজা ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা দ্বাৰায়েই নিযুক্ত, আমাৰ সেই ঢাল যিহোৱাৰেই।
19 এসময়ত তুমি দর্শনত তোমাৰ ভক্তসকলক কৈছিলা, “এজন বীৰৰ ওপৰত মই সহায় কৰাৰ ভাৰ অৰ্পণ কৰিলোঁ; লোকসকলৰ মাজৰ পৰা এজনক মনোনীত কৰি উন্নত কৰিলোঁ।
গীত 89 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019