Text copied!
Bibles in Assamese

গীত 89:25-43 in Assamese

Help us?

গীত 89:25-43 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

25 মই সাগৰৰ ওপৰত তেওঁৰ হাত ৰাখি ক্ষমতা দিম, আৰু তেওঁৰ সোঁহাত নদীবোৰৰ ওপৰত ৰাখিম।
26 তেওঁ মোক মাতি ক’ব, ‘তুমিয়েই মোৰ পিতৃ, মোৰ ঈশ্বৰ আৰু মোৰ পৰিত্ৰাণৰ শিলা!’
27 মই তেওঁক মোৰ জ্যেষ্ঠ পুত্ৰ কৰিম, পৃথিবীৰ ৰজাসকলৰ মাজত তেওঁক সকলোতকৈ শ্ৰেষ্ঠ কৰিম।
28 তেওঁৰ প্রতি মোৰ অটল প্রেম চিৰকাললৈকে ৰাখিম; মোৰ নিয়মটি তেওঁৰ লগত থিৰে থাকিব।
29 মই তেওঁৰ বংশকো চিৰকাললৈকে স্থায়ী কৰিম, আকাশ-মণ্ডলৰ দৰেই মই তেওঁৰ সিংহাসন চিৰস্থায়ী কৰিম।
30 তেওঁৰ সন্তান সকলে যদি মোৰ ব্যৱস্থা ত্যাগ কৰে, আৰু মোৰ নিয়মৰ পথত নচলে,
31 যদি তেওঁলোকে মোৰ বিধিবোৰ উলঙ্ঘন কৰে, মোৰ আজ্ঞাবোৰ পালন নকৰে,
32 তেন্তে মই বেতেৰে প্রহাৰ কৰি তেওঁলোকক অপৰাধৰ শাস্তি দিম, তেওঁলোকৰ অধৰ্মৰ শাস্তি চাবুকেৰে দিম।
33 কিন্তু মই মোৰ অটল প্রেম তেওঁৰ পৰা নিচেইকৈ নুগুচাম; মোৰ প্রতিজ্ঞাৰ বিশ্বস্ততা ব্যৰ্থ হবলৈ নিদিম।
34 মই মোৰ নিয়মটি উলঙ্ঘন নকৰিম, মোৰ ওঁঠৰ পৰা ওলোৱা বাক্য সলনি নকৰিম।
35 মোৰ পবিত্ৰতাৰ শপত খাই মই এবাৰেই ক’লোঁ; মই দায়ুদৰ আগত কেতিয়াও মিছা কথা নকওঁ।
36 তেওঁৰ বংশ চিৰকাললৈকে থাকিব, তেওঁৰ সিংহাসন মোৰ সাক্ষাতে সূৰ্যৰ দৰে চিৰস্থায়ী হব।
37 সেয়ে আকাশৰ বিশ্বাসী সাক্ষী চন্দ্ৰৰ নিচিনাকৈ চিৰকালৰ কাৰণে স্থাপিত হব।” (চেলা)
38 কিন্তু তুমিয়েই পৰিত্যাগ কৰিলা, অগ্ৰাহ্যও কৰিলা; তোমাৰ অভিষিক্ত জনাৰ বিৰুদ্ধে তুমি ক্ৰোধ কৰিছা।
39 তোমাৰ দাসে সৈতে স্থাপন কৰা নিয়মটি তুমি প্রত্যাখান কৰিছা; তুমি তেওঁৰ ৰাজ-মুকুট মাটিলৈ পেলাই অশুচি কৰিলা।
40 তুমি তেওঁৰ সকলো প্রাচীৰ ভাঙি পেলালা; তুমি তেওঁৰ কোঁঠবোৰ বিনষ্ট কৰিলা।
41 তেওঁৰ দেশৰ কাষেদি যোৱা সকলো বাটৰুৱাই তেওঁক লুট কৰে; তেওঁ ওচৰ-চুবুৰীয়াবোৰৰ নিন্দাৰ পাত্র হৈছে।
42 তুমি তেওঁৰ শত্রুবোৰৰ সোঁ হাত শক্তিশালী কৰিলা; তেওঁৰ সকলো শত্রুকে আনন্দিত কৰিলা।
43 তুমি তেওঁৰ তৰোৱালৰ ধাৰ ওভটাই দিলা আৰু যুদ্ধত তেওঁক থিয় হবলৈ নিদিলা।
গীত 89 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019