Text copied!
Bibles in Assamese

গীত 89:2-10 in Assamese

Help us?

গীত 89:2-10 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

2 মই ঘোষণা কৰিম যে, তোমাৰ গভীৰ প্রেমৰ কার্য চিৰকালৰ বাবে স্থাপন হৈছে; তোমাৰ বিশ্বস্ততা আকাশমণ্ডলৰ দৰেই স্থায়ী।
3 তুমি কৈছা, “মই মোৰ মনোনীত জনৰ কাৰণে এটি নিয়ম স্থাপন কৰিলোঁ, মোৰ দাস দায়ুদৰ আগত মই এই শপত কৰিলোঁ:
4 ‘মই তোমাৰ বংশক চিৰকালৰ কাৰণে স্থাপন কৰিম; বংশানুক্রমে তোমাৰ সিংহাসন স্থাপন কৰিম’।” (চেলা)।
5 হে যিহোৱা, আকাশ-মণ্ডলে তোমাৰ আচৰিত কৰ্মৰ প্ৰশংসা কৰে; পবিত্ৰ লোকসকলৰ সমাজত তোমাৰ বিশ্বস্ততাৰ প্ৰশংসা কৰে।
6 আকাশমণ্ডলৰ মাজত এনে কি আছে যাক যিহোৱাৰ লগত তুলনা কৰিব পাৰি? স্বর্গৰ দূতবোৰৰ মাজত যিহোৱাৰ তুল্য কোন আছে?
7 পবিত্ৰ দূতবোৰৰ সভাত সকলোৱে ঈশ্বৰক ভয় কৰে; তেওঁৰ চৰিওফালে থকা সকলতকৈ তেৱেঁই অতিশয় ভয়ানক।
8 হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমাৰ তুল্য পৰাক্ৰমী কোন আছে, হে প্রভু? তোমাৰ বিশ্বস্ততাই তোমাক বেৰি ৰাখিছে।
9 তর্জন-গর্জনেৰে ওফন্দি উঠা সমুদ্ৰক তুমি শাসন কৰা; তাৰ ঢৌ উঠিলে তুমিয়েই সেইবোৰক শান্ত কৰা।
10 তুমি ৰাহবক খণ্ড খণ্ড কৰি, হত হোৱা লোকৰ দৰে কৰিলা; তোমাৰ বাহুবলেৰে তুমি তোমাৰ শত্রুবোৰক ছিন্ন-ভিন্ন কৰিলা।
গীত 89 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019