Text copied!
Bibles in Assamese

গীত 88:13-18 in Assamese

Help us?

গীত 88:13-18 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 হে যিহোৱা, মই, মই হলে তোমাৰ ওচৰত কাকুতি কৰি কান্দিছোঁ, ৰাতিপুৱাতেই তোমাৰ আগত মোৰ প্ৰাৰ্থনা গৈ উপস্থিত হয়।
14 হে যিহোৱা, কিয় তুমি মোক ত্যাগ কৰিছা? তোমাৰ মুখ মোৰ পৰা কিয় লুকুৱাই ৰাখিছা?
15 মই ল’ৰা কালৰে পৰা দুখী আৰু মৃতপ্ৰায় হৈ আছোঁ; মই তোমাৰ ভয়ানক ক্রোধ ভোগ কৰি ব্যাকুল হৈছোঁ। মই হতাশ হৈ পৰিছো।
16 তোমাৰ প্ৰচণ্ড ক্ৰোধ মোৰ ওপৰেদি বৈ গৈছে; তোমাৰ ক্রোধে মোক ধ্বংস কৰিছে।
17 সেইবোৰে পানীৰ ঢল অহাৰ দৰে ওৰে দিনটো মোক আৱৰি ৰাখিছে; চৌদিশৰ পৰা মোক বেৰি ধৰি ৰাখিছে।
18 মোৰ প্রিয়জন আৰু বন্ধুসকলক তুমি মোৰ পৰা দূৰ কৰিলা; এতিয়া অন্ধকাৰেই মোৰ সংগী।
গীত 88 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019