Text copied!
Bibles in Assamese

গীত 86:3-9 in Assamese

Help us?

গীত 86:3-9 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 হে প্ৰভু, মোক কৃপা কৰা; কিয়নো ওৰে দিনটো মই তোমাৰ আগত প্ৰাৰ্থনা কৰি আছোঁ।
4 তোমাৰ দাসৰ মনত আনন্দ দান কৰা; কিয়নো হে প্ৰভু, মই মোৰ প্রাণ তোমালৈ তুলি ধৰিছোঁ।
5 হে প্ৰভু, তুমি মঙ্গলময় আৰু ক্ষমাদানকাৰী; তোমাৰ আগত প্ৰাৰ্থনা কৰা সকলৰ প্রতি তুমি দয়াৰে পৰিপূর্ণ।
6 হে যিহোৱা, মোৰ প্ৰাৰ্থনালৈ কাণ পাতা, মোৰ মিনতিৰ ক্রন্দন তুমি শুনা।
7 সঙ্কটৰ কালত মই তোমাৰ আগত প্ৰাৰ্থনা কৰিম; কিয়নো তুমি মোক উত্তৰ দিবা।
8 হে প্ৰভু, দেৱতাবোৰৰ মাজত তোমাৰ তুল্য কোনো নাই; তোমাৰ কাৰ্যৰ লগত কোনো কাৰ্যৰ তুলনা নহয়।
9 হে প্ৰভু, তুমি সৃষ্টি কৰা সমস্ত জাতিয়ে আহি তোমাৰ আগত প্ৰণিপাত কৰিব; তেওঁলোকে তোমাৰ মহিমা কীর্তন কৰিব।
গীত 86 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019