Text copied!
Bibles in Assamese

গীত 86:10-14 in Assamese

Help us?

গীত 86:10-14 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

10 কিয়নো তুমি মহান আৰু তুমি আচৰিত কৰ্ম কৰোঁতা। কেৱল তুমিয়েই ঈশ্বৰ।
11 হে যিহোৱা, তোমাৰ পথৰ বিষয়ে মোক শিক্ষা দিয়া, যাতে মই তোমাৰ সত্যত চলিব পাৰোঁ; তোমাৰ নামক ভয় কৰাৰ কাৰণে মোৰ দুই মনৰ অন্তৰক এক মন দিয়া।
12 হে মোৰ ঈশ্বৰ যিহোৱা, মই সমস্ত হৃদয়ৰে তোমাৰ প্ৰশংসা কৰিম, চিৰকাল তোমাৰ নামৰ গৌৰৱ কৰিম।
13 কিয়নো মোৰ প্ৰতি তোমাৰ গভীৰ প্রেম অসীম; চিয়োলৰ অতি গভীৰ অধোলোকৰ পৰা তুমি মোৰ প্ৰাণ ৰক্ষা কৰিলা।
14 হে ঈশ্বৰ, অহঙ্কাৰীবোৰ মোৰ বিৰুদ্ধে উঠিছে; অত্যাচাৰীবোৰৰ দলে মোৰ প্ৰাণ লব বিচাৰিছে; তেওঁলোকে তোমাক নিজৰ সন্মুখত নাৰাখে।
গীত 86 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019