Text copied!
Bibles in Assamese

গীত 85:4-12 in Assamese

Help us?

গীত 85:4-12 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

4 হে আমাৰ পৰিত্ৰাণৰ ঈশ্বৰ, তুমি আমাক পুনৰ উদ্ধাৰ কৰা; আমাৰ প্রতি থকা তোমাৰ ঘৃণামিশ্রিত ক্ৰোধ দূৰ কৰা।
5 তুমি চিৰকালেই আমাৰ ওপৰত ক্ৰোধ কৰি থাকিবা নেকি? সৰ্ব্ব পুৰুষলৈকে তুমি তোমাৰ ক্ৰোধ ধৰি ৰাখিবা নেকি?
6 তোমাৰ লোকসকলে যাতে তোমাত আনন্দ কৰিব পাৰে, তাৰবাবে তুমি জানো আমাক পুণৰায় জাগৰিত নকৰিবা?
7 হে যিহোৱা, তোমাৰ দৃঢ় প্রেম তুমি আমাক দেখুউৱা; তোমাৰ পৰিত্ৰাণ আমাক দান কৰা।
8 ঈশ্বৰ যিহোৱাই যিহকে ক’ব, মই তাকেই শুনিম; কিয়নো তেওঁ নিজৰ লোকসকলক আৰু নিজৰ বিশ্বাসী অনুগামীসকলক শান্তিৰ কথা ক’ব, যেন সেই লোকসকল পুনৰ মুর্খতাৰ ফালে ঘূৰি নাযায়।
9 তেওঁক ভয় কৰা সকললৈ স্বৰূপেই তেওঁৰ পৰিত্ৰাণৰ সময় তেওঁলোকৰ বাবে সন্নিকট; তাতে আমাৰ দেশত তেওঁৰ মহিমাই বিৰাজ কৰিব।
10 গভীৰ প্রেম আৰু বিশ্ৱস্ততাৰ মিলন ঘটিব; ধাৰ্মিকতা আৰু শান্তিয়ে পৰস্পৰে চুম্বন কৰিব।
11 দেশৰ ভূমিৰ পৰা বিশ্ৱস্ততাৰ গজালি ওলাব; স্বৰ্গৰ পৰা ধাৰ্মিকতাই তললৈ দৃষ্টি কৰিব।
12 যি যি উত্তম, যিহোৱাই নিশ্চয়ে তাক দান কৰিব। আমাৰ দেশে নিজৰ শস্য উৎপন্ন কৰিব।
গীত 85 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019