Text copied!
Bibles in Assamese

গীত 83:5-12 in Assamese

Help us?

গীত 83:5-12 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

5 তেওঁলোক একমনা হৈ‌ ষড়যন্ত্র কৰিছে; তেওঁলোকে তোমাৰ বিৰুদ্ধে এটি নিয়ম কৰিছে।
6 তেওঁলোক হ’ল, তম্বুবাসী ইদোমৰ ইশ্মায়েলীয়াসকল, মোৱাবীয়া আৰু হাগৰীয়াসকল,
7 গবালীয়া, অম্মোনীয়া, অমালেকীয়া আৰু তূৰ নিবাসীসকলৰ সৈতে পলেষ্টিয়াসকল;
8 অচুৰীয়াসকলেও তেওঁলোকৰ সংগত যোগ দিছে; লোটৰ উত্তৰপুৰুষসকলৰ বাহু সবল কৰাত তেওঁলোকে সহায় কৰিছে।
9 তুমি মিদিয়নীয়াসকলৰ প্রতি যি কৰিছিলা, কীচোন নদীৰ পাৰত চীচৰা আৰু যাবীনৰ প্রতি যি কৰিছিলা, এওঁলোকৰ ক্ষেত্ৰতো তাকেই কৰা।
10 চীচৰা আৰু যাবীন অয়িন-দোৰত ধ্বংস হৈ গ’ল। তেওঁলোক মাটিৰ ওপৰত গোবৰৰ দৰে পৰি আছিল।
11 তেওঁলোকৰ প্রধান লোকসকলৰ দশা তুমি ওৰেব আৰু জেবৰ নিচিনা কৰা; তেওঁলোকৰ অধিপতিৰ সকলো দশা জেবহ আৰু চলমুন্নাৰ নিচিনা কৰা।
12 তেওঁলোকে কৈছিল, “আহাঁ আমি ঈশ্বৰৰ চৰণীয়া ভূমি আমাৰ নিজৰ কাৰণে অধিকাৰ কৰি লওহঁক।”
গীত 83 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019