13 হে মোৰ ঈশ্বৰ, তুমি তেওঁলোকক বা’মাৰলী বতাহত ঘূৰি থকা ধুলিৰ নিচিনা কৰা, বতাহে উড়ুৱাই নিয়া তুঁহৰ নিচিনা কৰা।
14 বনজুইয়ে অৰণ্যক যেনেকৈ দগ্ধ কৰি দিয়ে, জুইৰ শিখাই পর্বতবোৰ জ্বলাই দিয়ে,
15 সেইদৰে তোমাৰ ধুমুহাৰে তুমি তেওঁলোকক খেদি যোৱা, আৰু তোমাৰ প্ৰচণ্ড বতাহেৰে তেওঁলোকক ভয় খুউৱা।
16 হে যিহোৱা, লজ্জাৰে তুমি তেওঁলোকৰ মুখ ঢাকি দিয়া, যাতে হে যিহোৱা, তেওঁলোকে তোমাৰ নাম মাতিব,