8 হে মোৰ লোকসকল, তোমালোকে মোৰ সাৱধান বাণী শুনা, হে ইস্রায়েলীয়াসকল, তোমালোকে যদি মোৰ কথা শুনিলা হয়!
9 তোমালোকৰ মাজত কোনো বিদেশী দেৱ-দেৱী নাথাকক; কোনো বিদেশী দেৱতাৰ আগত প্ৰণিপাত নকৰিবা।
10 ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা; ময়েই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলো; তোমালোকে বহলকৈ মুখ মেলা, মই তাক পূৰ্ণ কৰিম।