Text copied!
Bibles in Assamese

গীত 7:1-15 in Assamese

Help us?

গীত 7:1-15 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

1 হে মোৰ ঈশ্বৰ যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ! মোৰ পাছে পাছে খেদি অহাবোৰৰ পৰা মোক ৰক্ষা কৰা, মোক উদ্ধাৰ কৰা।
2 নহ’লে, সিংহৰ দৰে তেওঁলোকে মোক ছিন্ন-ভিন্ন কৰিব, সিহঁতে মোক ডোখৰ ডোখৰ কৰিব, কিন্তু মোক ৰক্ষা কৰিবলৈ কোনো নাথাকিব।
3 হে মোৰ ঈশ্বৰ যিহোৱা, যদি মই এনে কোনো কৰ্ম কৰি আছোঁ, যদি অন্যায়ৰ কোনো কার্য মোৰ হাতত লাগি আছে,
4 যদি মোৰ বন্ধুৰ প্রতি মই অপকাৰ কৰি আছোঁ, বা বিনা কাৰণতে মই মোৰ শত্রুৰ পৰা কিবা বস্তু লৈছোঁ,
5 তেনেহলে শত্রুৱে মোৰ পাছে পাছে খেদি গৈ মোক ধৰক, সিহঁতে মোক মাটিত পেলাই ভৰিৰে গচকক, মোৰ মান-সন্মান ধূলিত মিলাই দিয়ক। (চেলা)
6 হে যিহোৱা, তুমি ক্ৰোধেৰে উঠা, মোৰ শত্রুবোৰৰ ক্রোধৰ বিৰুদ্ধে নিজকে তুলি ধৰা, মোৰ অৰ্থে তুমি সাৰ পোৱা; হে মোৰ ঈশ্বৰ, তুমি এক সোধ-বিচাৰ ধার্য কৰিছা।
7 সকলো জাতিৰ সমূহ লোক তোমাৰ চাৰিওফালে গোট খাওঁক; তুমি উর্দ্ধলৈ উলটি গৈ পুনৰ লোক সকলৰ ওপৰত ৰাজত্ব কৰা।
8 যিহোৱাই লোকসকলৰ বিচাৰ কৰে; হে যিহোৱা, মোৰ ধাৰ্মিকতাৰ কার্য আৰু মোত থকা সততা অনুসাৰে তুমি মোৰ বিচাৰ কৰা, হে মোৰ সৰ্ব্বোপৰি জনা।
9 হে মোৰ ধার্মিক ঈশ্বৰ, তুমি মন আৰু হৃদয় পৰীক্ষা কৰি থাকা; তুমি দুষ্টৰ দুষ্টতা শেষ কৰা, কিন্তু ধাৰ্মিক লোকক সুস্থিৰ অৱস্থাত ৰাখা।
10 ঈশ্বৰ মোৰ ঢাল; যিসকলৰ অন্তৰত সততা আছে, তেওঁলোকক তেওঁ ৰক্ষা কৰে।
11 ঈশ্বৰ এজন ন্যায়বিচাৰক, তেওঁ প্ৰতিদিনে অন্যায়ৰ প্রতিবাদ কৰোঁতা ঈশ্বৰ।
12 কোনোৱে যদি মন পালটন নকৰে, তেন্তে তেওঁ নিজৰ তৰোৱাল ধৰাব; তেওঁ নিজৰ ধনু ভিৰাই কাঁড় দি লক্ষ্য স্থিৰ কৰিছে।
13 তেওঁ অস্ত্র-শস্ত্র যুগুত কৰি ৰাখিছে; নিজৰ জ্বলন্ত মৰণাস্ত্ৰবোৰ তৈয়াৰ কৰিছে।
14 ভাৱি চোৱা, কেনেকৈ এজনে দুষ্টতাক গর্ভধাৰণ কৰে; সর্বনাশক গর্ভত লৈ প্রসৱ বেদনা ভোগে আৰু ক্ষতিকাৰক মিছাক প্রসৱ কৰে।
15 তেওঁলোকে মাটি খান্দি দ গাত কৰে, আৰু নিজেই খন্দা গাতত নিজে পৰে।
গীত 7 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019