Text copied!
Bibles in Assamese

গীত 78:7-19 in Assamese

Help us?

গীত 78:7-19 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

7 তেতিয়াহে তেওঁলোকে ঈশ্বৰত ভৰসা কৰিব, তেওঁৰ কাৰ্যবোৰ তেওঁলোকে নাপাহৰিব, কিন্তু তেওঁৰ আজ্ঞাবোৰ পালন কৰিব।
8 তাতে তেওঁলোক নিজ পূর্বপুৰুষসকলৰ দৰে জেদী আৰু বিদ্ৰোহী বংশ নহ’ব; সেই পূর্বপুৰুষসকলৰ অন্তৰ ঈশ্বৰৰ প্রতি স্থিৰ নাছিল আৰু মনো সমর্পিত আৰু বিশ্বস্ত নাছিল।
9 ইফ্ৰয়িমৰ বংশৰ সন্তান সকল যদিও ধনুৰ্দ্ধৰত সজ্জিত আছিল, কিন্তু যুদ্ধৰ দিনা পিছ হুঁহুকি আহিছিল।
10 তেওঁলোকে ঈশ্বৰৰ নিয়মটি পালন নকৰিলে, তেওঁৰ ব্যৱস্থাত চলিবলৈ অস্বীকাৰ কৰিলে।
11 তেওঁ যি যি কার্য কৰিছিল, তাক তেওঁলোকে পাহৰি গ’ল। তেওঁলোকৰ আগত দেখুউৱা তেওঁৰ আচৰিত কর্মবোৰ তেওঁলোকে পাহৰি গ’ল।
12 ইস্রায়েলীয়াসকলৰ পূর্বপুৰুষসকলৰ চকুৰ সন্মুখতে তেওঁ আচৰিত কর্মবোৰ কৰিছিল; মিচৰ দেশত আৰু চোৱনৰ পথাৰত তেওঁ সেইবোৰ কৰিছিল।
13 তেওঁ সমুদ্ৰক দুভাগ কৰি তাৰ মাজেদি তেওঁলোকক পাৰ কৰিলে, তেওঁ জল সমূহক দম কৰাৰ দৰে থিয় কৰিলে।
14 দিনত মেঘৰ দ্বাৰাই আৰু গোটেই ৰাতি অগ্নিৰ দীপ্তিৰে তেওঁ তেওঁলোকক পথ দেখুৱালে।
15 মৰুভূমিত শিলবোৰ ফালি মাটিৰ গভীৰ ভাগৰ পৰা তেওঁ তেওঁলোকক পান কৰিবলৈ প্ৰচুৰ পানী দিলে।
16 তেওঁ শিলৰ পৰা পানীৰ সোঁত বাহিৰ কৰি আনিলে, সেই পানী তেওঁ নদীৰ নিচিনাকৈ বোৱাই দিলে।
17 কিন্তু তেওঁলোকে তেওঁৰ বিৰুদ্ধে পাপ কৰিয়েই থাকিল, সৰ্ব্বোপৰি ঈশ্বৰৰ বিৰুদ্ধে মৰুভূমিত বিদ্রোহ আচৰণ কৰিলে।
18 তেওঁলোকৰ ইচ্ছা অনুসাৰে আহাৰ দাবী কৰি, তেওঁলোকে নিজ নিজ মনতেই ঈশ্বৰক পৰীক্ষা কৰিলে।
19 তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে এই কথা ক’লে, “ঈশ্বৰে জানো মৰুভূমিৰ মাজত আহাৰ দি মেজ সজাব পাৰে?
গীত 78 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019