Text copied!
Bibles in Assamese

গীত 78:56-65 in Assamese

Help us?

গীত 78:56-65 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

56 কিন্তু তথাপিও তেওঁলোকে সৰ্ব্বোপৰি ঈশ্বৰক পৰীক্ষা কৰি তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে; তেওঁলোকে তেওঁৰ আজ্ঞাবোৰ পালন নকৰিলে।
57 তেওঁলোকৰ পূর্বপুৰুষসকলৰ দৰেই তেওঁলোকে সঠিক পথৰ পৰা আতৰি গৈ বিশ্বাস-ঘাতকতা কৰিলে; ত্রুটিপূর্ণ ধনুৰ কাঁড়ৰ দৰে তেওঁলোক বেকা দিশে গ’ল।
58 তেওঁলোকে ওখ ঠাইৰ মঠবোৰৰ দ্বাৰাই তেওঁক ক্রোধিত কৰিলে; তেওঁলোকে প্ৰতিমাবোৰৰ দ্বাৰাই তেওঁৰ হিংসা জগাই তুলিলে।
59 এই সকলো দেখি-শুনি ঈশ্বৰে ক্ৰোধ কৰিলে; তেওঁ ইস্ৰায়েলক সম্পূর্ণ ভাৱে অগ্রাহ্য কৰিলে।
60 চীলো নগৰত তেওঁৰ যি আবাস-তম্বু আছিল তাক তেওঁ ত্যাগ কৰিলে; মনুষ্যৰ মাজত তেওঁ যি তম্বু স্থাপন কৰিছিল তাক তেওঁ পৰিত্যাগ কৰিলে।
61 নিজৰ সামর্থ্যক তেওঁ বন্দী-অৱস্থাত আৰু নিজৰ গৌৰৱক তেওঁ শত্রুৰ হাতত শোধাই দিলে।
62 তেওঁৰ লোকসকলক তেওঁ তৰোৱালৰ হাতত সমৰ্পণ কৰিলে; আৰু নিজৰ লোকসকলৰ ওপৰত ক্ৰোধ প্রকাশ কৰিলে।
63 তেওঁলোকৰ যুৱকসকলক অগ্নিৰে দগ্ধ কৰিলে; তেওঁলোকৰ ছোৱালীবোৰৰ বিবাহ নহল।
64 তৰোৱালৰ আঘাতত তেওঁলোকৰ পুৰোহিতসকলৰ মৃত্যু হ’ল, তেওঁলোকৰ বিধৱাসকলে শোক প্রকাশ কৰিব নোৱাৰিলে।
65 তেতিয়া প্ৰভু টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে হ’ল; দ্ৰাক্ষাৰস পান কৰি চিঞৰ-বাখৰ কৰা বীৰ যোদ্ধাৰ নিচিনাকৈ জাগি উঠিল।
গীত 78 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019