Text copied!
Bibles in Assamese

গীত 77:3-8 in Assamese

Help us?

গীত 77:3-8 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 মই যেতিয়া ঈশ্বৰক চিন্তা কৰোঁ, তেতিয়া ক্রন্দন কৰোঁ; মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণ নিৰাশ হৈ পৰে। চেলা
4 তুমিয়েই টোপনি যোৱাৰ পৰা মোৰ চকুৰ পিৰিকতিক মেলি ৰাখিলা; মই অতিশয় যাতনাত আছিলোঁ আৰু সেয়ে কথাও কব পৰা নাছিলো।
5 মই অতীতৰ কথাবোৰ চিন্তা কৰিছিলোঁ; অনেক অনেক বছৰৰ আগৰ কথা মই চিন্তা কৰিছিলোঁ।
6 ৰাতিৰ সময়ত মই গোৱা গীতবোৰৰ বিষয়ে মোৰ মনত পৰে; ৰাতি মই মোৰ হৃদয়ত গভীৰ ভাৱে চিন্তা কৰিছিলোঁ; মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণে যি ঘটিল তাক বুজিবলৈ চেষ্টা কৰে;
7 “যিহোৱাই মোক চিৰকালৰ বাবে ত্যাগ কৰিব নেকি? তেওঁ মোক পুনৰ কেতিয়াও দয়া নকৰিব নেকি?
8 তেওঁৰ গভীৰ প্রেম চিৰদিনৰ কাৰণে শেষ হৈ গ’ল নেকি? তেওঁৰ প্ৰতিজ্ঞাবোৰো চিৰদিনৰ বাবে বিফল হৈ গ’ল নেকি?
গীত 77 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019