13 হে ঈশ্বৰ, তোমাৰ পথ পবিত্ৰ; আমাৰ ঈশ্বৰৰ তুল্য জানো কোনো মহান ঈশ্বৰ আছে?
14 তুমিয়েই সেই আচৰিত কৰ্ম কৰোঁতা ঈশ্বৰ; সকলো জাতিৰ মাজত তুমি তোমাৰ পৰাক্ৰমৰ পৰিচয় দিছা।
15 তুমি যাকোব আৰু যোচেফৰ বংশৰ সন্তান সকলক তোমাৰ শক্তিশালী হাতৰ বাহুৰে মুক্ত কৰিলা। চেলা
16 হে ঈশ্বৰ, সমুদ্রৰ জল সমূহে তোমাক দেখিলে; জল সমূহে তোমাক দেখি ভয় খালে; তাৰ গভীৰতা পর্যন্ত কঁপি উঠিল।
17 মেঘে জলৰাশিক তললৈ ঢালি দিলে; আকাশত বজ্রই গৰ্জ্জন কৰিলে; তোমাৰ বিদ্যুতৰ কাঁড়বোৰ ইফালে সিফালে চমকিব ধৰিলে।
18 বা’মাৰলী বতাহত তোমাৰ বজ্ৰৰ ধ্বনি শুনা গ’ল; তোমাৰ বিজুলিৰ চমকে পৃথিৱী আলোকময় কৰিলে; পৃথিৱী কঁপি উঠিল আৰু জোকাৰ খালে।
19 সমুদ্ৰৰ মাজত তোমাৰ পথ আছিল; মহাজলৰাশিৰ মাজত তোমাৰ বাট আছিল; কিন্তু তোমাৰ ভৰিৰ চিহ্ন তাত দেখা নগল।
20 মোচি আৰু হাৰোণৰ হতুৱাই মেৰ-ছাগৰ জাকৰ দৰে তুমি তোমাৰ লোকসকলক চলাই লৈ গৈছিলা।