Text copied!
Bibles in Assamese

গীত 74:3-13 in Assamese

Help us?

গীত 74:3-13 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 তুমি চিৰকালৰ এই ধ্বংস-স্তূপৰ ঠাইলৈ আগবাঢ়ি আহি চোৱা; পবিত্র স্থানত শত্রুৱে সকলোবোৰ ভাঙি-চিঙি চূৰ-মাৰ কৰিলে।
4 তোমাৰ বিৰোধকাৰীয়ে তোমাৰ পবিত্র স্থানৰ মাজত গৰ্জ্জন কৰিছে; তেওঁলোকে তাত যুদ্ধৰ পতাকা সংস্থাপন কৰিছে।
5 ভাব হয় যেন তেওঁলোকে জাৰণিৰ গছবোৰৰ অহিতে কুঠাৰ চলাইছিল।
6 তেওঁলোকে নক্সা কটা আটাই কাঠবোৰ থেতাঁলি ভাঙিছে; কুঠাৰ আৰু হাতুৰীৰে একেবাৰে ভাঙি পেলাইছে।
7 তেওঁলোকে তোমাৰ পবিত্র স্থানত জুই লগাই দিছে; তোমাৰ নামৰ নিবাসক মাটিত মিলাই অপবিত্ৰ কৰিলে।
8 তেওঁলোকে নিজৰ মনতে কলে, “আমি সকলোকে একেবাৰে ধ্বংস কৰোঁ।” তেওঁলোকে মাটিৰ ওপৰত থকা ঈশ্বৰৰ সকলো সভা গৃহ পুৰি ভস্ম কৰিলে।
9 আমি কোনো আলৌকিক চিহ্ন ঈশ্বৰৰ পৰা দেখা পোৱা নাই, তাত কোনো ভাববাদীও নাই; কিমান কাললৈকে আৰু এইদৰে হৈ থাকিব, তাক জানোতাও আমাৰ ইয়াত কোনো নাই।
10 হে ঈশ্বৰ, শত্রুৱেনো আৰু কিমান কাললৈ তোমাক নিন্দা কৰি থাকিব? বিৰোধীতা কৰা সকলে চিৰকাললৈকে তোমাৰ নাম তিৰস্কাৰ কৰি থাকিব নে?
11 তুমি কিয় তোমাৰ হাতখন, সেই তোমাৰ সোঁ হাতখন কোঁচাই ৰাখিছা? তুমি পিন্ধি থকা বস্ত্রৰ পৰা সোহাঁত খন উলিওৱা আৰু তেওঁলোকক ধ্বংস কৰা।
12 তথাপিও ঈশ্বৰ পূৰ্বকালৰে পৰা মোৰ ৰজা; তেওঁ পৃথিবীৰ মাজত পৰিত্ৰাণৰ কার্য কৰিছে।
13 তুমিয়েই নিজৰ শক্তিৰে সমুদ্ৰক দুভাগ কৰিছিলা; তুমিয়েই সাগৰৰ পানীত থকা দৈত্যৰ মূৰ থেতাঁলি ভাঙিছিলা।
গীত 74 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019