Text copied!
Bibles in Assamese

গীত 73:9-15 in Assamese

Help us?

গীত 73:9-15 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

9 তেওঁলোকে স্বর্গৰ বিৰুদ্ধে কথা কয়; তেওঁলোকৰ জিভাই পৃথিৱী ভ্ৰমণ কৰে।
10 এই কাৰণে ঈশ্বৰৰ সন্তান সকল তেওঁলোকৰ ফালে ঘূৰি যায়; গভীৰ ভাবে তেওঁলোকৰ বাক্যবোৰ পান কৰে।
11 তেওঁলোকে কয়, “ঈশ্বৰে কেনেকৈ জানিব? কিহবলৈ গৈ আছে তাক জানো সৰ্ব্বোপৰি জনাই জানিব?”
12 চোৱা, তেওঁলোক দুষ্ট; তেওঁলোকৰ মনৰ ভাব সদায় নিশ্চিন্ত, অধিক সম্পত্তি বঢ়াই থাকে।
13 “মই যে পাপ নকৰাকৈ নিজকে শুচি কৰি ৰাখিলোঁ; ই তেন্তে কি অৰ্থহীন নেকি?
14 মই ওৰে দিনটো আঘাতিত হলোঁ; প্ৰতি ৰাতিপুৱা তুমি মোক অপদস্থ কৰিলা।”
15 যদি মই এনেকুৱা কথাবোৰ কলোহেঁতেন, তেন্তে সেয়া কোনোমতে তোমাৰ সন্তানৰ কথা নহলহেঁতেন।
গীত 73 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019