Text copied!
Bibles in Assamese

গীত 73:8-17 in Assamese

Help us?

গীত 73:8-17 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

8 তেওঁলোকে মহা বিদ্ৰূপেৰে দুষ্টতাৰ কথা কয়; তেওঁলোকে অহংকাৰ কৰি ভয় দেখুৱাই আক্রমণ কৰে।
9 তেওঁলোকে স্বর্গৰ বিৰুদ্ধে কথা কয়; তেওঁলোকৰ জিভাই পৃথিৱী ভ্ৰমণ কৰে।
10 এই কাৰণে ঈশ্বৰৰ সন্তান সকল তেওঁলোকৰ ফালে ঘূৰি যায়; গভীৰ ভাবে তেওঁলোকৰ বাক্যবোৰ পান কৰে।
11 তেওঁলোকে কয়, “ঈশ্বৰে কেনেকৈ জানিব? কিহবলৈ গৈ আছে তাক জানো সৰ্ব্বোপৰি জনাই জানিব?”
12 চোৱা, তেওঁলোক দুষ্ট; তেওঁলোকৰ মনৰ ভাব সদায় নিশ্চিন্ত, অধিক সম্পত্তি বঢ়াই থাকে।
13 “মই যে পাপ নকৰাকৈ নিজকে শুচি কৰি ৰাখিলোঁ; ই তেন্তে কি অৰ্থহীন নেকি?
14 মই ওৰে দিনটো আঘাতিত হলোঁ; প্ৰতি ৰাতিপুৱা তুমি মোক অপদস্থ কৰিলা।”
15 যদি মই এনেকুৱা কথাবোৰ কলোহেঁতেন, তেন্তে সেয়া কোনোমতে তোমাৰ সন্তানৰ কথা নহলহেঁতেন।
16 এই সমস্যাৰ বিষয়ে বুজিবলৈ মই বৰ চেষ্টা কৰিছিলোঁ; কিন্তু বুজি পাবৰ বাবে এই সমস্যাটো বহুত কঠিন আছিল।
17 যেতিয়া মই ঈশ্বৰৰ মন্দিৰলৈ গলো, তাৰ পাছতহে তেওঁলোকৰ কি দশা হ’ব মই বুজিব পাতিলোঁ।
গীত 73 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019