Text copied!
Bibles in Assamese

গীত 73:3-6 in Assamese

Help us?

গীত 73:3-6 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 তেতিয়া অহংকাৰী লোকলৈ মোৰ অসূয়া জন্মিছিল; মই দুষ্টবোৰক বৰ সুখত থকা দেখিছিলোঁ।
4 কাৰণ তেওঁলোকে মৃত্যুৰ যন্ত্ৰণা নাপায়; কিন্তু তেওঁলোক সুস্থ সবল হৈ থাকে।
5 তেওঁলোকে আন মানুহে দুখ পোৱাৰ দৰে দুখ নাপায়; অন্যলোকৰ বিপদৰ নিচিনাকৈ তেওঁলোক বিপদতো নপৰে।
6 এই কাৰণে অহংকাৰ তেওঁলোকৰ দিঙিৰ হাৰ স্বৰূপ; অত্যাচাৰ তেওঁলোকৰ কাৰণে শৰীৰ আবৰণ স্বৰূপ হৈছে।
গীত 73 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019