Text copied!
Bibles in Assamese

গীত 73:24-28 in Assamese

Help us?

গীত 73:24-28 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

24 তুমি তোমাৰ উপদেশেৰে মোক পথ দেখুৱাবা, পৰবর্তী সময়ত মোক গৌৰৱেৰে গ্ৰহণ কৰিবা।
25 তোমাৰ বাহিৰে স্বৰ্গত মোৰ কোন আছে? তোমাৰ বাহিৰে পৃথিৱীত মোৰ এনে কোনো আশ্রয় নাই।
26 মোৰ শৰীৰ আৰু হৃদয় দুয়োটা পৰাজিত হ’ল; কিন্তু ঈশ্বৰ চিৰকাললৈকে মোৰ মনৰ শক্তি।
27 কিয়নো চোৱা, তোমাৰ পৰা দূৰৈত থকা লোকসকলৰ সর্বনাশ হ’ব; তোমাক এৰি অবিশ্বাসী হোৱা সকলোকে তুমি ধ্বংস কৰিবা।
28 কিন্তু মোৰ পক্ষে হলে, ঈশ্বৰৰ ওচৰ চপাই মঙ্গল; মই প্রভু যিহোৱাক মোৰ আশ্ৰয় স্থান ৰূপে গ্রহণ কৰিলোঁ; মই তোমাৰ সকলো কার্য ঘোষণা কৰিম।
গীত 73 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019