Text copied!
Bibles in Assamese

গীত 71:14-22 in Assamese

Help us?

গীত 71:14-22 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 কিন্তু মই হ’লে, সদায় তোমাক আশা কৰি থাকিম, তোমাৰ প্ৰশংসা আৰু অধিক অধিককৈ কৰিম।
15 এইয়া মোৰ বোধৰ অগম্য হলেও, মই মুখেৰে তোমাৰ ধাৰ্মিকতাৰ কথা কম, ওৰে দিনটো তোমাৰ পৰিত্ৰাণৰ কথা প্ৰকাশ কৰিম;
16 মই উপস্থিত হৈ প্ৰভু যিহোৱাৰ মহৎ কাৰ্যবোৰ কীৰ্ত্তন কৰিম; মই কেৱল তোমাৰ ধাৰ্মিকতা, কেৱল তোমাৰেই ধাৰ্মিকতা উল্লেখ কৰিম।
17 হে ঈশ্বৰ, তুমি মোক লৰালি কালৰে পৰা শিক্ষা দি আহিছা; আৰু এতিয়ালৈকে মই তোমাৰ আচৰিত কাৰ্যবোৰ প্ৰকাশ কৰি আহিছোঁ।
18 প্রকৃততে মোৰ বয়সস্ত অৱস্থা আৰু চুলি পকাৰ সময়ত মোক ত্যাগ নকৰিবা, মই ভাবী-বংশৰ আগত তোমাৰ পৰাক্রম ঘোষণা কৰিম; আৰু আহিবলগা সকলোকে তোমাৰ পৰাক্রমৰ কথা শুনাম।
19 হে ঈশ্বৰ, তোমাৰ ধাৰ্মিকতা গগণস্পৰ্শী; হে ঈশ্বৰ, মহৎ কাৰ্য কৰোঁতা যি তুমি, তোমাৰ তুল্য কোন আছে?
20 তুমি আমাক বিষম সঙ্কট দেখুৱাইছা, তুমি আকৌ আমাক পুনৰায় জীবিত কৰা; পৃথিবীৰ গভীৰতাৰ পৰা আমাক তুলি আনিবা।
21 তুমি মোৰ আত্ম-সন্মান বৃদ্ধি কৰা; পুনৰাই ঘূৰি মোক শান্ত্বনা দিয়া।
22 হে মোৰ ঈশ্বৰ, তোমাৰ বিশ্বাসযোগ্যতাৰ স্তুতি কৰিম; হে ইস্ৰায়েলৰ পবিত্ৰ জনা, মই বীণাৰে তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
গীত 71 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019