3 মোৰ প্ৰাণো ভয়তে ব্যাকুল হৈছে; হে যিহোৱা, এইদৰে কিমান কাললৈ হৈ থাকিব?
4 হে যিহোৱা, মোলৈ ঘূৰি চোৱা, মোৰ প্ৰাণ ৰক্ষা কৰা; তোমাৰ অসীম প্রেমেৰে মোক উদ্ধাৰ কৰা।
5 মৃত্যু হ’লে তোমাক সোঁৱৰণ কৰা নহয়; চিয়োলত কোনে তোমাৰ প্ৰশংসা কৰিব?
6 মই কেঁকাই কেঁকাই ক্লান্ত হৈ পৰিছো; গোটেই নিশা কান্দি-কান্দি মই মোৰ শয্যা চকুৰ পানীৰে তিয়াও; মোৰ বিচনা তিতি যায়।
7 দুখতে মোৰ চকুৰ দৃষ্টি কমি গৈছে; শত্রুবোৰৰ কাৰণে মোৰ চকু দুৰ্বল হৈছে।