Text copied!
Bibles in Assamese

গীত 68:3-15 in Assamese

Help us?

গীত 68:3-15 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 কিন্তু ধাৰ্মিকসকলে আনন্দ কৰক, ঈশ্বৰৰ সাক্ষাতে উল্লাস কৰক; তেওঁলোকে আনন্দ কৰি উল্লাস কৰক।
4 তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ প্ৰশংসাৰ গান কৰা; মৰুভূমিৰ মাজেদি যি জন বাহনত উঠি আহিছে, তেওঁৰ কাৰণে এটি ৰাজপথ যুগুত কৰা; তেওঁৰ নাম যিহোৱা, তোমালোকে তেওঁৰ উপস্থিতিত উল্লাস কৰা।
5 ঈশ্বৰ তেওঁৰ পবিত্ৰ বাসস্থানত পিতৃহীনৰ পিতৃ আৰু বিধৱাসকলৰ ন্যায়কর্তা।
6 অকলশৰীয়াসকলে বাস কৰি থাকিবলৈ ঈশ্বৰে পৰিয়াল দান কৰে; তেওঁ বন্দীসকলক মুক্ত কৰি উন্নতিৰ অৱস্থালৈ আনে; কিন্তু বিদ্ৰোহীসকলে শুকান ভূমিত বাস কৰে।
7 হে ঈশ্বৰ, তুমি যেতিয়া মৰুভূমিৰ মাজেদি তোমাৰ লোক সকলৰ আগে আগে গৈছিলা, চেলা
8 তেতিয়া পৃথিৱী কঁপি উঠিছিল আৰু আকাশেও বৰষুণ বর্ষাইছিল; এই সকলোবোৰ হৈছিল ঈশ্বৰৰ সাক্ষাতে, চীনয় পর্বতৰ, সেই ঈশ্বৰৰ উপস্থিতিত; ঈশ্বৰৰ সাক্ষাতে, ইস্ৰায়েলৰ ঈশ্বৰৰ উপস্থিতিত।
9 হে ঈশ্বৰ, তুমি প্রচুৰ পৰিমাণে বৰষুণ বৰষাইছিলা; তুমি তোমাৰ শুকান দেশত পুনৰায় নিজৰ আধিপত্য শক্তিশালী কৰি তুলিলা।
10 তোমাৰ নিজৰ লোকসকলে তাত বাস কৰিলে; হে ঈশ্বৰ, তোমাৰ দয়াৰে তুমি দৰিদ্ৰসকলৰ অভাৱ পূৰণ কৰিছিলা।
11 যিহোৱাই লোক সমূহক আদেশ দিয়ে; সু-সংবাদ ঘোষণাকাৰী মহিলাসকল সংখ্যাত বৃহৎ দল।
12 তেওঁলোকে ঘোষণা কৰে, “সৈন্যদলৰ ৰজাসকল পলাই গৈছে, পলাই গৈছে!” ঘৰৰ গৃহিণীসকলে যুদ্ধৰ লুটদ্ৰব্য ভাগ বাঁটি লৈছে:
13 যদিও তেওঁলোকে মেৰ-ছাগৰ গঁৰালবোৰৰ মাজত থাকে - তথাপি তেওঁলোকে ৰূপেৰে আবৃত হোৱা কপৌৰ ডেউকা আৰু তাৰ সোণোৱালী পাখি পাব।
14 সৰ্ব্বশক্তিমান ঈশ্বৰে যেতিয়া দেশৰ মাজত ৰজাসকলক ছত্রভঙ্গ কৰিলে, তেতিয়া চলমোন পর্বতৰ ওপৰত বৰফ পৰিছিল।
15 হে বিশাল পর্বত, বাচান পাহাৰৰ বিশাল পর্বত; হে অনেক শৃঙ্গ সম্বলিত পর্বত, বাচান পাহাৰৰ পর্বত!
গীত 68 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019