Text copied!
Bibles in Assamese

গীত 66:1-10 in Assamese

Help us?

গীত 66:1-10 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

1 হে গোটেই পৃথিবীৰ লোকসকল, তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা।
2 তোমালোকে তেওঁৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা; তেওঁৰ প্ৰশংসা গৌৰৱাম্বিত কৰা।
3 তোমালোকে ঈশ্বৰক কোৱা, “তোমাৰ কাৰ্যবোৰ কেনে আতঙ্কজনক! তোমাৰ পৰাক্ৰমৰ কাৰণে শত্ৰুবোৰে তোমাত আত্মসমর্পণ কৰিব।
4 গোটেই পৃথিবীৰ লোকে তোমাৰ প্ৰণিপাত কৰিব, তোমাৰ উদ্দেশ্যে গীত গান কৰিব; তেওঁলোকে তোমাৰ নাম কীৰ্ত্তন কৰিব”। চেলা
5 আহাঁ, ঈশ্বৰৰ কাৰ্যবোৰ চাওগৈ; তেওঁ নিজৰ কার্যৰ কাৰণে মনুষ্য সন্তান সকলে ভয়ঙ্কৰ যেন মানিলে।
6 তেওঁ সমুদ্ৰক শুকান ভূমি কৰিলে; লোকসকলে খোজ কাঢ়ি নদী পাৰ হ’ল; সেই ঠাইত আমি তেওঁত আনন্দ কৰিলোঁ।
7 তেওঁ নিজৰ পৰাক্ৰমৰ দ্বাৰাই অনন্ত কাল ৰাজত্ব কৰে; তেওঁ জাতিবোৰলৈ চকু ৰাখে; বিদ্ৰোহীবোৰে নিজক উন্নত নকৰক। চেলা
8 হে জাতিবিলাক, আমাৰ সেই ঈশ্বৰৰ ধন্যবাদ কৰা, আৰু তেওঁৰ প্ৰশংসাৰ ধ্বনি শুনুৱা;
9 যি জনাই আমাক জীয়াই ৰাখে, যি জনাই আমাৰ ভৰি লৰচৰ হ’বলৈ নিদিয়ে।
10 কিয়নো, হে ঈশ্বৰ, তুমি আমাক পৰীক্ষা কৰিলা, ৰূপ খপাৰ দৰে আমাক পৰীক্ষা কৰিলা।
গীত 66 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019