3 কিয়নো তুমি মোৰ আশ্ৰয়, শত্ৰুৰ পৰা ৰক্ষা কৰোঁতা দৃঢ় দুৰ্গ।
4 মই যেন চিৰকাললৈকে তোমাৰ তম্বুত বাস কৰিবলৈ পাম; তোমাৰ ডেউকাৰ আঁৰত মই যেন আশ্রয় পাম। চেলা
5 কিয়নো হে ঈশ্বৰ, তুমিয়েই মোৰ সঙ্কল্পবোৰ শুনিলা। তোমাৰ নাম শ্রদ্ধা কৰাসকলৰ আধিপত্য তুমি মোক দিলা।