7 গিলিয়দ মোৰেই আৰু মনচিও মোৰেই; ইফ্ৰয়িম মোৰ শিৰোৰক্ষক; যিহূদা মোৰ বিচাৰ-দণ্ড;
8 মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ; মই ইদোমলৈ মোৰ জোতা দলিয়াই দিম; হে দেশ, তুমি জয়ধ্বনি কৰা।”
9 কোনে মোক সেই দৃঢ় নগৰৰ ভিতৰলৈ লৈ যাব? কোনে মোক ইদোমলৈ লৈ যাব?”
10 হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰা নাই নে? হে’ ঈশ্বৰ, তুমিতো আমাৰ সৈন্য সমূহৰ লগত যুদ্ধলৈ নোযোৱা।
11 শত্ৰুৰ বিৰুদ্ধে আমাক সহায় কৰা; কিয়নো মানুহৰ সহায় বৃথা।
12 ঈশ্বৰৰ সহায়ৰ দ্বাৰাইহে আমি জয়জয়কাৰ হ’ম; কিয়নো তেৱেঁই আমাৰ শত্ৰুবোৰক বিদ্রুপ কৰিব।