Text copied!
Bibles in Assamese

গীত 59:7-14 in Assamese

Help us?

গীত 59:7-14 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

7 চোৱা, তেওঁলোকে মুখেৰে আবেগ প্রকাশ কৰে, তেওঁলোকৰ ওঁঠত তৰোৱাল আছে; কিয়নো তেওঁলোকে ক’য়, “কোনে আমাৰ কথা শুনি পাব?”
8 কিন্তু, হে যিহোৱা, তুমি তেওঁলোকক হাঁহা; তুমি সকলো জাতিকে উপহাস কৰিবা।
9 ঈশ্বৰ যিহোৱা মোৰ ব’ল, মই তোমালৈ অপেক্ষা কৰিম; কিয়নো হে ঈশ্বৰ তুমি মোৰ উচ্চ দুৰ্গ।
10 মোৰ ঈশ্বৰ দয়ালু, তেওঁৰ প্ৰতিজ্ঞা আৰু বিশ্বস্ততা মোৰ সংগী; মোৰ শত্ৰুবোৰৰ পৰাজয়, ঈশ্বৰে মোক দেখিবলৈ দিব।
11 মোৰ লোকসকলে যেন পাহৰি নাযায়, তাৰ বাবেই তেওঁলোকক বধ নকৰিবা। হে প্ৰভু, আমাৰ ঢাল; তুমি তোমাৰ শক্তিৰে গোট গোট কৰি তেওঁলোকক হীন অৱস্থালৈ আনা।
12 তেওঁলোকৰ পাপ, মুখৰ আৰু ওঁঠৰ কথা, তেওঁলোকে শাও দিয়া আৰু মিছা কথা কোৱাৰ কাৰণে; তেওঁলোকে তেওঁলোকৰ অহংকাৰত ধৰা পৰক।
13 তুমি ক্ৰোধত তেওঁলোকক সংহাৰ কৰা যাতে তেওঁলোক আৰু নাথাকে; যাকোবৰ মাজত ঈশ্বৰে যে শাসন কৰে, পৃথিবীৰ সীমালৈকে যে শাসন কৰে, তাক তেওঁলোকে জানক। চেলা
14 তেওঁলোকে গধূলি পৰত উভটি আহি কুকুৰৰ দৰে ৰাও কাঢ়ক; নগৰত চাৰিওফালে ভ্ৰমণ কৰক।
গীত 59 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019